অসমত ক’ভিড-১৯ ত সংক্ৰমনৰ ধাৰাবাহিকতা ভংগ হ’ব কেতিয়া? প্ৰথমতে অহা ন এপ্ৰিলত ইয়াৰ সময়সীমা ধার্য হৈছিল যদিও শেহতীয়া পৰিস্থিতিয়ে সেই হিচাপত আউল লগাইছে। দেশৰ নিজামুদ্দিন তবলিগি জামাতৰ পৰা উভতি অহা একাংশ লোকে আত্মগোপন কৰাৰ ফলতে সৃষ্টি হৈছে এনে জটিলতাৰ। আত্মগোপন কৰি থকা তথা প্ৰশাসনক সহযোগিতা নকৰাসকলৰ মাজৰ কোনোবা যদি ভাইৰাছত আক্ৰান্ত হৈ আছে তেন্তে ইয়াৰ সংক্ৰমনৰ ধাৰাবাহিকতা ভংগ নহ’ব বুলি স্বাস্থ্য বিভাগৰ পৰ্যালোচনা বৈঠকত আশংকা কৰা হৈছে।
উল্লেখ্য যে , যোৱা ২৪ মাৰ্চত ২১ দিনীয়া তলাবন্ধ ঘোষণা কৰাৰ ফলত দেশৰ লগতে অসমতো বহিঃ ৰাজ্যৰ লগত যোগাযোগ বন্ধ হৈ পৰে। কিন্তু তাৰ পূৰ্বে বহিঃ ৰাজ্যৰ কেইবাহাজাৰ যাত্ৰী লৈ অসমত উপস্থিত হয় কেইবাখনো ৰেল। সেইসকল যাত্ৰীক ১৪ দিনৰ বাবে আছুতীয়াকৈ থকাৰ পিছত যোৱা ৩০ মাৰ্চত বহিঃ ৰাজ্যৰ পৰা অহা প্ৰথমটো দলৰ হোম কোৱাৰেণ্টাইনৰ অন্ত পৰে। সেই হিচাপত আজি পঞ্চমটো দলৰ হোম কোৱাৰেণ্টাইনৰ অন্ত পৰে । সৌভাগ্যবশত এই আটাইকেইটা দলৰ এজনো ভাইৰাছত আক্ৰান্ত হোৱা নাই। অহা ৭ মাৰ্চত অন্তিমটো দলৰ হোম কোৱাৰেণ্টাইন শেষ হ’ব। অৱশ্যে স্বাস্থ্য বিভাগে এই সময়সীমা ন এপ্ৰিল নিৰ্ধাৰণ কৰিছে।
কিন্তু আকস্মিক ভাৱে তবলিগি জামাতৰ বিষয়টোৱে উক্ত সময়সীমাৰ অংকত খেলিমেলি লগাইছে। জামাতৰ পৰা অহা লোক যোৱা ২৪ মাৰ্চ পৰ্যন্ত অসমলৈ আহে যদিও তাৰে বহুতে নিজকে লুকুৱাৰ তথ্য পোহৰলৈ আহিছে। তেনেক্ষেত্ৰত স্বাস্থ্য বিভাগৰ নিৰীক্ষণৰ বাহিৰত ৰৈ গৈছে সংশিষ্ট লোকসকল। যদিও ন এপ্ৰিল অসমৰ ক্ষেত্ৰত ধাৰাবাহিকতা ভংগৰ সময়সীমা ধাৰ্য কৰা হৈছে সেয়া সম্পূৰ্ণ নহ’ব। বহিঃ ৰাজ্যৰ পৰা অহাসকলৰ মাজত আক্ৰান্ত এজনো নোলায় তেন্তে এটা পৰ্যায়ত অসম সুৰক্ষিত হ’ব। কিন্তু একে সময়তে জামাতৰ বিষয়টো আৰু গুৱাহাটীৰ এজন ব্যৱসায়ীয়ে এই ভাইৰাছত আক্রান্ত হোৱা বিষয়টো চৰ্চাত আছে। কিন্তু এই লোকজনে বহিঃ ৰাজ্যৰ পৰা ভাইৰাছবিধ কঢ়িয়াই অনাৰ আশংকা শেহতীয়াকৈ কৰা হৈছে।