উৰাবাতৰিৰ বিৰুদ্ধে কঠোৰ ওডালগুৰি জিলা প্ৰশাসন

assam dgp bhaskar jyoti mahanta blames anti social elements in state for fuelling anti cab protests

সমগ্ৰ বিশ্বত কৰ’নাই ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে একাংশ দুস্কৃতিকাৰীয়ে বিয়পোৱা উৰা বাতৰিৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ গৃহ বিভাগ ৷ ফলস্বৰূপে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো উৰা বাতৰি বিয়পোৱা লোকসকলক কঠোৰ সকীয়নি প্ৰদান কৰি ৰাজ্যৰ আৰক্ষী বিভাগটোক এই ক্ষেত্ৰত আপোচহীন ভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে । সেই অনুসৰি ওডালগুৰি জিলাখনৰ কেইবাখনো থানাত এনেধৰণৰ উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে গোচৰ ৰজু কৰি অপৰাধীক জেললৈ প্ৰেৰণ কৰা হৈছে ৷

কৰ’নাত আক্ৰান্ত একাংশ লোক গাঁৱত প্ৰবেশ কৰা বুলি উৰাবাতৰি বিয়পোৱাৰ পিছত বহু গাঁও অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ফলত গাঁৱৰ বাসিন্দাক এনে ধৰণৰ কোনো ঘটনা যে  সংঘটিত হোৱা নাই সেই কথা নিশ্চিত কৰিবলৈ আৰক্ষী অৰ্দ্ধ সামৰিক বাহিনীৰ দলে দিনে নিশাই তহল দিব লগীয়া হৈছে। লগতে সম্প্ৰতি উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে গোচৰ ৰজু কৰি ধৃত লোকসকলক জেল হাজোতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে ৷আনহাতে ওডালগুৰি আৰু ৰৌতা আৰক্ষী থানাই দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছে ৷ ইয়াৰ ভিতৰত ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত পাকৰীবাৰী গাঁওৰ ৰাখেব বসুমতাৰী নামৰ লোকজনৰ বিৰুদ্ধে উৰাবাতৰি বিয়পোৱাৰ অপৰাধত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন ১৮৮/১৫৩(A)/২৭০/২৭১/৫০৫/(b)(c)/২৯৫(A)/২৯৮ নম্বৰ ধাৰাৰ অধীনত আৰু দুৰ্যোগ প্ৰশমন আইনৰ ৫৪ নম্বৰ ধাৰাৰ অধীনত ৫৯/২০২০ নম্বৰত এক গোচৰ ৰজু কৰে আৰু লোকজনক ন্যায়িক জিম্মালৈ পঠোৱা হৈছে।

Exit mobile version