সমগ্ৰ বিশ্ব তথা দেশৰ লগতে অসমত কৰ’না ভাইৰাছৰ ত্ৰাসৰ মাজতে পোহৰলৈ আহিছে বিশেষ তথ্য ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লব আগৰৱালাই সদৰি কৰা তথ্য অনুসৰি দেশত কৰ’না আক্ৰান্তসকলৰ ৪২ শতাংশৰে বয়স ২১ ৰ পৰা ৪০ বছৰ ৷ ক’ভিড ১৯ ত আক্ৰান্ত হোৱা ৰোগীৰ ন শতাংশৰ বয়স ০-২০ বছৰ, ৪২ শতাংশৰ বয়স ২১ ৰ পৰা ৪০ বছৰ, ৪৩ শতাংশৰ বয়স ৪১ ৰ পৰা ৬০ বছৰ আৰু ১৭ শতাংশ ৰোগীয়ে ৬০ বছৰ গৰকিছে ৷ এইদৰে মন্তব্য কৰি তেওঁ কয় যে দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতৰ সমাবেশৰ স’তে সম্পৰ্কিত ৰোগী দেশৰ ১৭ খন ৰাজ্যত চিনাক্ত হৈছে ।দেশজুৰি প্ৰায় ১,০২৩ ক’ভিড ১৯ ত আক্ৰান্ত দিল্লীৰ নিজামুদ্দিনৰ সমাৱেশৰ স’তে জড়িত । দেশৰ মুঠ আক্ৰান্তৰ প্ৰায় ৩০ শতাংশ এই সমাৱেশৰ স’তে জড়িত ৷ এই মন্তব্য বিষয়াজনৰ ৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবে সদৰী কৰা তথ্য অনুসৰি ২২ হেজাৰ তবলিগি জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক কোৱাৰেন্টাইন কৰা হৈছে ৷ ইয়াৰ বাবে বৃহৎ প্ৰক্ৰিয়া পালনৰ প্ৰয়োজন হোৱা বুলিও তেওঁ কয় । মন কৰিব লগীয়া যে প্ৰথমবাৰৰ কাৰণে কৰ’নাত আক্ৰান্ত ৰোগীৰ বয়স সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ সম্প্ৰতি দেশত ৪৩৭৫ জন লোকৰ শৰীৰ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল ৷ ইয়াৰ মৃত্যু হৈছে ১২২ আৰু সুস্থ হৈ উঠিছে ৩২৯ জন। তথ্য অনুসৰি আন দেশৰ তুলনাত ১৫ ৰ পৰা ৬০ বছৰ বয়সৰ জনসংখ্যা ভাৰতত সৰ্বাধিক ।
২০১১ ৰ লোকপিয়ল অনুসৰি ভাৰতত ০ ৰ পৰা ১৫ বয়সৰ জনসংখ্যা ২৯.৫ শতাংশ, ১৫ ৰ পৰা ৫৯ বয়সৰ জনসংখ্যা ৬২.৫ শতাংশ আৰু আঠ শতাংশ লোকৰ বয়স ৬০ বয়সতকৈ অধিক ৷ বিগত বৰ্ষৰ তথ্য অনুসৰি ইটালীৰ জনসংখ্যা এক চতুৰ্থাংশ বয়স ৬৫ বছৰ বা ততোধিক ৷চীনৰ বয়স্ক লোকৰ জনসংখ্যা ১১ শতাংশৰ অধিক ৷ তথ্য অনুসৰি বিশ্বজুৰি কৰ’না ভাইৰাছে ৫০ বছৰৰ লোকসকল সৰ্বাধিক উৎপাদনশীল ৷ তেওঁলোকে কৰ্মসংক্ৰান্তত ভ্ৰমণ কৰি ফুৰে ৷ সেয়েহে এই তথ্যত আশ্চৰ্যৰ একো কাৰক নাই ৷ ভাৰতত ৬০ বছৰৰ অধিক বয়সৰ লোকৰ কৰ’না আক্ৰান্তত মৃত্যু হোৱা দেখা গৈছে ৷