বোকাজান মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ কাৰাগাঁৱৰ লালমাটিত আজি সন্ধিয়া আৰক্ষী আৰু এটা ৪-৫ জনীয়া দুৰ্বৃত্ত দলৰ মাজত সংঘটিত গুলীয়াগুলীৰ ঘটনাত এজন দুৰ্বৃত্ত নিহত হোৱাৰ লগতে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা ৭.৬৫ পিষ্টল উদ্বাৰ কৰে। বোকাজান মহকুমাৰ আৰক্ষী বিষয়াই জনোৱা অনুসৰি এক গোপন তথ্যৰ ভিত্তিত সীমান্তৰ উক্ত লালমাটি অঞ্চলত আৰক্ষীয়ে বাহৰ পাতিছিল ৷ আৰু সন্ধিয়া পাহাৰৰ ওপৰৰ পৰা নামি অহা দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীৰ ওপৰত গুলীচালনা কৰাত আৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰ দিয়াত এজন দুৰ্বৃত্ত গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় যদিও আনজন দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয়। আঘাতপ্ৰাপ্ত দুৰ্বৃত্তটো বোকাজান চিকিৎসালয়লৈ অনা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷
বোকাজানৰ কাৰাগাঁৱত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত গুলীয়াগুলী
-
By publisher

Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026