কৰ’নাৰ মাধমাৰঃ মাত্ৰ দুমাহত ২৮ শতাংশ সম্পত্তিৰ হ্ৰাস মুকেশ আম্বানিৰ 

Mukesh Ambani

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰিবলৈ দিয়া তলাবন্ধৰ সময়তে দেশৰ আৰ্থিক স্থিতি ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে দেশৰ ধনী ব্যক্তিসকলৰ আৰ্থিক স্থিতি বহু পৰিমাণে হ্ৰাস পাইছে। এই ক্ষেত্ৰত আৰ্থিক স্থিতিৰ ব্যাপক ক্ষতিগ্ৰস্ত হৈছে দেশৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানি ৷ কাৰণ ২ মাৰ্চলৈকে আম্বানিৰ সম্পত্তিৰ পৰিমাণ হ্ৰাস পাইছে ২৮ শতাংশ ৷ যাৰ ফলত বিশ্বৰ ধনী ব্যক্তিসকলৰ  তালিকাৰ পৰা মুকেশ আম্বানিৰ নাম নিম্নলৈ অহাৰ আশংকা কৰা হৈছে ।

সম্প্ৰতি চিনেৰ সমীক্ষক সংস্থাই বিশ্বৰ ধনী ব্যক্তিসকলৰ তালিকা প্ৰকাশ কৰিছে । হুৰুন গ্ল’বেল ৰিট্চ তালিকাৰ ১৭ তম স্থানত আছে ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ নাম ৷ যাৰ সম্পত্তিৰ পৰিমাণ ৪৮০০ কোটি ডলাৰ ৷ এই তালিকাৰ শীৰ্ষত আছে অ্যামাজনৰ স্বত্বাধিকাৰী জেফ বেজচ ৷ তিনি নম্বৰত আছে বিল গেট্ছ ৷ আনহাতে হুৰুনৰ প্ৰতিবেদন অনুসৰি মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ বিগত দুমাহত প্ৰতিদিনে প্ৰায় ৩০ কোটি ডলাৰ হ্ৰাস পাইছে ৷ দুই মাৰ্চত সম্পত্তিৰ পৰিমাণ হ্ৰাস পায় ১৯০০ কোটি ডলাৰ ৷

মুঠতে কৰ’নাৰ কাৰণে ভাৰতৰ শ্বেয়াৰ বজাৰৰ অভিলেখ পতন হৈছে ৷ লগতে তেলৰ ব্যৱসায়তো ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ৰিলায়েন্স কোম্পানী ৷ ইপিনে কেৱল আম্বানিয়ে নহয় ভাৰতৰ সকলো ধনী ব্যক্তিৰ সম্পত্তিৰ পৰিমাণ হ্ৰাস পাইছে ৷ বিগত দুমাহত ভাৰতৰ সম্পত্তিশালী ব্যক্তিসকলৰ গড়ে ২৬ শতাংশ সম্পত্তি ক্ষতি হৈছে ৷ ক্ষতিৰ সন্মুখীন হোৱা ভাৰতীয়সকলৰ ভিতৰত আছে বিল গেটছ,মাৰ্ক জুকাৰবাৰ্গ,ল্যাৰি পেজ,মাইকেল ব্লুমবাৰ্গ আদি আন্তৰ্জাতিক খ্যাতি সম্পন্ন ব্যৱসায়ীৰ ৷

Exit mobile version