তলাবন্ধৰ সময়ত গুৱাহাটীত পাচলি সহজলভ্য কৰাৰ প্ৰয়াস

IMG 20200407 WA0153
গুৱাহাটীবাসীৰ কাৰণে শাক পাচলি সহজলভ্য কৰি তোলাৰ কাৰণে আজি কৃষিমন্ত্ৰী অতুল বৰা আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত হয় অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ বৃহৎ পাইকাৰী বজাৰত ৷ দুয়োগৰাকী মন্ত্ৰীয়েই বিপণন পৰিষদৰ বজাৰত উপস্থিত হৈ একাংশ পাচলি ব্যৱসায়ীৰ লগত আলোচনাত মিলিত হয় আৰু কামৰূপ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰৰ কাৰণে প্ৰতি কিলো পাচলিৰ কাৰণে স্থিৰ কৰা মূল্যৰ সংশোধনী কৰি নতুনকৈ মূল্য নিৰ্ধাৰিত কৰি দিয়ে ৷
এই নিৰ্দেশ অনুসৰি বুধবাৰৰ পৰা মহানগৰীৰ উপভোক্তাৰ কাৰণে প্ৰতি কিলোগ্ৰাম পাচলিৰ মূল্য এনেধৰণৰ  ফুলকবি ১৮ টকা,বন্ধাকবি ১৩ টকা,গাজৰ ২৮ টকা,জাতি লাও(প্ৰতি কিলো) ১৮ টকা,জালি কোমোৰা(প্ৰতি কিলো)২২টকা,ৰঙালাও(প্ৰতি কিলো)২০ টকা,জলকীয়া ৪৮ টকা,ভেণ্ডি৩৮ টকা,তিতা কেৰেলা ৩৩ টকা,ফ্ৰেন্স বিন১৮ টকা,জিকা ৩৮ টকা,লেচেৰা মাহ ৩৮ টকা,বিলাহী ১৮ টকা,বিট ৩৮ টকা,বেঙেনা ১৮ টকা,তিয়ঁহ ১৮ টকা,স্কোৱাছ ১৫ টকা,পটল ৬০ টকা আৰু নেমু (এটাত) ৬ টকা৷এই নতুন মূল্যতকৈ অধিক মূল্যত পাচলি বিক্ৰী কৰিলে তেনে ব্যৱসায়ীসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীদ্বয়ে সকিয়াই দিয়ে ৷
Exit mobile version