দেশত কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ হৈছে নে নাই তাকে লৈ বিগত কে’বা সপ্তাহ ধৰি বিতৰ্ক অব্যাহত আছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এনে আশংকা অস্বীকাৰ কৰি অহাৰ বিপৰীতে দেশৰ আগশাৰীৰ হাস্পতালসমূহৰ কে’বাজনো প্ৰসিদ্ধ চিকিৎসকে দাবী কৰিছে যে মাৰ্চৰ প্ৰথমৰ পৰাই ভাৰতত গণ সংক্ৰমণ আৰম্ভ হৈছে। এই কথাকে দোহাৰি দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডা° ৰণদীপ গুলেৰীয়াই দাবী কৰে যে দেশৰ কিছুমান অঞ্চলত গণ সংক্ৰমণ পৰিলক্ষিত হৈছে বুলি তেওঁ কয়। এইমছৰ মুৰব্বীজনে লগতে কয় যে ভাৰত এতিয়াও দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ মাজত আছে ।এই তৃতীয় পৰ্যায় হৈছে গণ সংক্ৰমণ ৷ ইয়াৰ পৰিণাম কিমান ভয়াৱহ হ’ব পাৰে তৰ সাক্ষী ইটালী,স্পেইন আৰু আমেৰিকাৰ দৰে দেশ।
দেশত কৰ’না ভাইৰাছ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি ডা° গুলেৰীয়াই কয় কিছুমান অঞ্চলত সংক্ৰমণৰ ঘটনা তীব্ৰভাৱে বৃদ্ধি পাইছে আৰু কিছুমান ঠাই বিশেষে গণ সংক্ৰমণৰ প্ৰৱণতা পৰিলক্ষিত হৈছে ৷ মুম্বাইৰ কিছুমান ঠাইত এনে দেখা গৈছে ৷ আমি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ মাজত থিয় দি আছো ৷ অৱশ্যে এইমছৰ সঞ্চালকজনে স্পষ্ট কৰি দিয়ে যে কৰ’না ভাইৰাছৰ কিছুমান কেন্দ্ৰস্থলী গণ সংক্ৰমণ হৈছে যদিও প্ৰাৰম্ভিক পৰ্যায়তে ইয়াক ৰোধ কৰিব পাৰিলে চিন্তাৰ কাৰণ নাই ৷ কিছুমান অঞ্চলত গণ সংক্ৰমণ আৰম্ভ হৈছে,সেয়েহে আমি অধিক সৰ্তক হ’ব লাগিব ৷ তেওঁ এইদৰে কয় ৷
ইপিনে দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত তবলিগি জামাতৰ অনুষ্ঠানৰ প্ৰসংগত কয় যে তবলিগি জামাতৰ সদস্যসকলৰ দ্বাৰাও ক’ভিড ১৯ ৰ সংক্ৰমণৰ ঘটনা অধিক হ’ব পাৰে ৷ এইমছৰ মুৰব্বীজনে কয় যে এই অনুষ্ঠানত যোগদান কৰা আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহাসকলক সম্পূৰ্ণৰূপে চিনাক্ত কৰাৰ প্ৰয়োজন আছে ৷ ইপিনে ২১ দিনীয়া তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ প্ৰসংগত তেওঁ কয় যে ১০ এপ্ৰিলৰ পিছতহে পৰিস্থিতি স্পষ্ট হ’ব ৷ আমি আশা কৰো যে ১০ এপ্ৰিললৈ পৰিস্থিতি কিছু স্পষ্ট হ’ব ৷ ইয়াৰ পিছতহে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰাটো উচিত হ’ব এই মন্তব্য ডা° গুলেৰীয়াৰ ৷