বিশ্বৰ দুশৰো অধিক দেশত প্ৰতিদিনে বাঢ়িছে ক’ৰনাত আক্রান্তৰ সংখ্যা । শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ কোনো ৰক্ষা পৰা নাই ক’ৰনাৰ সংক্ৰমণৰ পৰা । এনে অৱস্থাত মৃতকৰ তালিকাত সম্প্ৰতি পঞ্চম স্থানত আছে ব্ৰিটেইন । ক’ভিড-১৯ ত আক্ৰান্ত হৈ ব্ৰিটেইনত ৫০হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে।দেশ খনত প্ৰতিদিনে মৃত্যুৰ সংখ্যা বাঢ়ি থকাৰ ফলত শ্মশানত কাম কৰা কৰ্মী সকলৰো দায়িত্ব বাঢ়ি গৈছে । প্ৰতিদিনে খান্দিব লগা হৈছে অসংখ্য কবৰ।বিগত কিছুদিন ধৰি বিভিন্ন স্থানত আগতীয়াকৈ কবৰ খান্দি থোৱাৰ নিৰ্দেশ দিছে প্ৰশাসনে । কিয়নো ক’ৰনা আক্ৰান্তৰ মৃত্যু হ’লে দ্ৰুত গতিৰে সৎকাৰ কৰা হয় । এই সন্দৰ্ভত ব্ৰিটেইনৰ মাউন্ট হক আৰু ছেইন্ট এগনিছ কবৰ স্থানৰ তত্বৱধায়ক ক্লেইভ কালবাৰে কয়,’মই এই কবৰ স্থানত কবৰ খান্দো ,চোৱাচিতা কাৰো কিন্ত কেতিয়াও আগতীয়াকৈ কবৰ খান্দি ৰখা নাছিলোঁ । এতিয়া ভাবিলেই বেয়া লাগে যে মই যিসকলৰ কবৰ খান্দি আছো , তেওঁলোক এতিয়াও জীৱিত ।’