বলিউডৰ ক’ৰনাত আক্ৰান্ত প্ৰথমগৰাকী আছিল সঙ্গীত শিল্পী কনিকা কপুৰ । ইতিমধ্যে শিল্পী গৰাকীয়ে হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি লাভ কৰিছিল। সোমবাৰে বলিউডত ক’ৰনাত আক্ৰান্ত দ্বিতীয় গৰাকী ৰোগী ৰূপে চিনাক্ত হ’ল প্ৰযোজক কৰিম ম’ৰানীৰ কন্যা শ্বাজা ম’ৰানী । কিন্তু এইবাৰ তৃতীয় গৰাকী ৰোগী হিচাপে এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে শ্বাজাৰ ভগ্নী অভিনেত্ৰী জয়া ম’ৰানীৰ দেহত । শ্বাজাই তলাবন্ধৰ সময়ত অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ উভতি আহিছিল। ১৪দিন কোৱাৰেন্টাইনত থকাৰ পাছত শ্বাজাৰ শৰীৰত ক’ৰনাৰ সংক্ৰমণ ধৰা পৰে । একেটা পৰিয়ালৰ জয়াৰো স্বাস্থ্য পৰীক্ষা কৰাত তেওঁৰ শৰীৰতো ক’ভিড-১৯ধৰা পৰে । বৰ্তমান মুম্বাইৰ নানাৱতী হাস্পতালত দুয়ো ভগ্নী চিকিৎসাধীন হৈ আছে ।
বলিউডত ক’ৰনা আক্ৰান্ত তৃতীয় গৰাকী অভিনেত্ৰী জয়া ম’ৰানী
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONASTAY HOME STAY SAFEZOA MORANI
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026