ক’ভিড-১৯ ত আক্ৰান্ত হোৱা ব্ৰিটেইনৰ বৰিছ জনছনৰ শাৰীৰিক অৱস্থা ক্ৰমাৎ সংকটজনক হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে জনচনক কালি বিয়লি আই চি ইউলৈ স্থানান্তৰ কৰা হয়। এই পর্যন্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনৰ স্বাস্থ্যৰ কোনো উন্নতিৰ লক্ষণ পৰিলক্ষিত হোৱা নাই।উল্লেখ্য যে যোৱা ২৭ মাৰ্চত জনছনৰ শৰীৰত কৰ’না ভাইৰাছৰ উপসৰ্গ ধৰা পৰিছে। শাৰীৰিক পৰীক্ষাৰ অন্তত তেঁওৰ প্ৰতিবেদন ধনাত্মক আহে। তাৰ পাছৰে পৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনে লণ্ডনৰ ডাউনিং ষ্ট্ৰীটত থকা নিজৰ বাসভৱনত ১০ দিনৰ বাবে কোৱাৰেণ্টাইনত আছিল। কিন্তু ক্ৰমান্বয়ে জনছনৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।
দেওবাৰে তেঁওক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও অৱস্থাৰ কোনো উন্নতি ঘটা পৰিলক্ষিত নহয়। কালি বিয়লি জনছনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত ততাতৈয়াকৈ আই চি ইউলৈ স্থানান্তৰ কৰা হয়। ডাউনিং ষ্ট্ৰীটৰ পৰা এক বিবৃতিযোগে জনাইছে যে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ শাৰীৰিক অৱস্থা অৱনতি ঘটিছে। তেওঁৰ চিকিৎসাৰ বাবে গঠিত স্বাস্থ্য বিশেষজ্ঞদলৰ পৰামৰ্শ অনুসৰি আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছে। উল্লেখযোগ্য যে ব্ৰিটেইনটো সম্প্ৰতি কৰ’না ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰিছে। আক্ৰান্তৰ সংখ্যাই ৫০ হেজাৰ অতিক্ৰম কৰাৰ উপৰিও প্ৰায় পাঁচ হেজাৰ লোকৰ মৃত্যু হৈছে। আনকি ব্ৰিটিছ যুৱৰাজ চাৰ্লছো ক’ভিড-১৯ ত আক্রান্ত হৈছিল। অৱশ্যে যুৱৰাজ সম্প্রতি সুস্থ হৈ উঠিছে।