বৰ্ত্তমান সময়ত সকলোৰে হাতে হাতে উপলব্ধ এটা সামগ্ৰী হেণ্ড ছেনিটাইজাৰ। ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবলৈ হাত দুখন বীজাণু মুক্ত কৰি ৰাখিবলৈ সকলোৱে এতিয়া ব্যৱহাৰ কৰিব লৈছে হেণ্ডছেনিটাইজাৰ। এতিয়া ইয়াৰ মূল্যও আকাশ লংঘী হ’বলৈ ধৰিছে । কিন্তু কেইমাহ মানৰ আগৰ লৈকে উৎপাদনকাৰী কোম্পানী বা বিক্রেতাসকলে কল্পনাও কৰা নাছিল যে এই সামগ্রী বিধৰ মূল্য একে নিশাৰ ভিতৰতে আকাশ লঙ্ঘী হ’ব । এই সামগ্ৰীবিধৰ অৰ্ধ শতিকাৰ আগৰলৈকে অস্তিত্বই নাছিল । এই হেণ্ডছেনিটাইজাৰ আৱিষ্কাৰৰ আঁৰত আছিল এগৰাকী তৰুণী। সেই তৰুণী গৰাকী আছিল দক্ষিণ আফ্ৰিকাত জন্ম গ্ৰহণ কৰা লুপি হাৰ্ণান্ডেজ । নাৰ্ছিংৰ ছাত্ৰী আছিল লুপি। লুপিয়ে ধাৰণা কৰিছিল যে হাততে পোৱাকৈ চাবোন আৰু পানী নাথাকিলে তাৰ বিকল্প কি হ’ব পাৰে? এলক’হল ইয়াৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা এটা প্ৰশ্ন লুপিৰ মনত জাগিল।
এলক’হলক থেপথেপিয়া জেলীৰ আকাৰত প্ৰস্তুত কৰিব পৰা ধাৰণাটো লুপিৰ মনলৈ আহিল । নিজৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ লুপিয়ে এনে এটা সংস্থাৰ সৈতে যোগাযোগ কৰিব পাৰে ,যি পেটেণ্টৰ ক্ষেত্ৰত সাহাৰ্য্য কৰিব। টেলিভিছনৰ সহায়ত লুপিয়ে সেই সংস্থাৰ সন্ধান পাইছিল । তেওঁলোকৰ মাধ্যমেৰে লুপিয়ে পেটেণ্ট নথিভুক্ত কৰে । ৫৪ বছৰৰ পূৰ্বে লুপিয়ে কল্পনা ও কৰিব পৰা নাছিল যে তেওঁৰ আৱিষ্কাৰে এদিন জীৱাণুৰ আতংকত ত্ৰস্তমান হৈ পৰা বিশ্ববাসীৰ বাবে অন্ধৰ লাখুটি হৈ পৰিব । অৱশ্যে স্বাস্হ্য বিশেষজ্ঞসকলৰ মতে জীৱাণুমুক্ত হোৱাৰ ক্ষেত্ৰত যিকোনো চাবোনৰ তুলনাত হেণ্ডছেনিটাইজাৰ বহু পিছ পৰি আছে কিন্তু পানী অবিহনেতো চাবোন ব্যৱহাৰ কৰিব নোৱাৰি । সেয়ে পানী নথকা স্থানত হেণ্ডছেনিটাইজাৰে চাবোন বা হেণ্ডৱাছৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি ।
এক সমীক্ষাৰ মতে দেখা গৈছে পুৰুষৰ তুলনাত মহিলাৰ মাজত ইয়াৰ ব্যৱহাৰ বহু বেছি । বহু দিনৰ আগৰ লৈকে গাঁৱ অঞ্চলৰ বহুতো বাসিন্দা ই হেণ্ডছেনিটাইজাৰৰ ব্যৱহাৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞাতই নাছিল । কিন্তু ক’ৰনা ভাইৰাছ ৰ সংকর্মণ ৰ পৰা হাত সাৰিবলৈ এতিয়া সকলোৱে এই সামগ্ৰী বিধ ব্যৱহাৰ কৰিবলৈ লৈছে । অৰ্ধ শতিকাৰ আগৰ এক নাৰ্ছিংৰ ছাত্ৰীৰ কৃতজ্ঞতাত আজি নতশিৰ ২১ শতিকাৰ আধুনিক বিশ্ব ।