কৰ’নাত আক্ৰান্ত হৈ ভাৰতত প্ৰথমবাৰৰ বাবে মৃত্যুবৰণ কৰিলে এজন চিকিৎসকে । ৬২ বছৰীয়া চিকিৎসক ডাঃ শত্ৰুঘ্ন পঞ্জাৱানী কৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য পৰীক্ষাত ধৰা পৰে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। দেশত এজনৰ পাছত আনজন স্বাস্থ্যকৰ্মী আক্ৰান্ত হৈ আছে আৰু ইয়াৰ মাজতে কৰ’নাত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যুৰ বাতৰিয়ে দুশ্চিন্তা বৃদ্ধি কৰিলে। ডাঃ পঞ্জাৱনীয়ে ইন্দোৰত দুটা চেম্বাৰত ৰোগীৰ চোৱাচিতা কৰিছিল। এসপ্তাহ পূৰ্বে এজন কৰ’নাত আক্ৰান্ত লোক চিকিৎসকজনৰ ওচৰলৈ আহিছিল আৰু তাৰ পিছতে তেঁও অসুস্থ হৈ হাস্পতালত চিকিৎসাধীন হয়। পৰৱৰ্তী পৰ্যায়ত তথ্য উদ্ধাৰ হয় যে তেওঁ কৰ’নাত আক্ৰান্ত হৈছিল। খুব কম সময়ৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। ইন্দোৰৰ মহাত্মা গান্ধী মেডিকেল কলেজৰ ৰাহুল ৰোকৰেই কয় যে কিছুদিন পূৰ্বে অসুস্থ হৈ পৰা চিকিৎসকজনৰ শাৰিৰীক অৱস্থাৰ ক্ৰমাৎ অৱনতি ঘটে।
কৰ’নাত আক্ৰান্ত হৈ প্ৰথমজন চিকিৎসকৰ মৃত্যু ভাৰতত
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19Dr Shatrughan PanjwaniFIGHT AGAINST COVID-19INDIA FIGHTS CORONASTAY HOME STAY SAFE
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026