শ্বাস প্ৰশ্বাসৰ সমস্যাত ভোগা মানুহৰ স্বাস্থ্য পৰীক্ষাৰ ফলত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে এনে বহু কৰ’না ভাইৰাছ আক্ৰান্ত লোকৰ সন্ধান লাভ কৰিছে যাৰ কোনো বিদেশ ভ্ৰমণৰ ইতিহাস নাই। সম্প্ৰতি পৰীক্ষা পদ্ধতি সলনি কৰাৰ পাছত এই পৰিৱৰ্তন পোহৰলৈ আহে ৷এই সম্পৰ্কীয় প্ৰতিবেদন আই চি এম আৰে সম্প্ৰতি জমা দিছে ইণ্ডিয়ান জাৰ্ণেল অৱ মেডিকেল ৰিছাৰ্চত ৷এই পৰীক্ষাৰ ফলাফলক লৈ স্বাভাৱিকভাৱেই সংশয়ৰ সৃষ্টি হৈছে যে দেশত কৰ’নাৰ গণসংক্ৰমণ আৰম্ভ হৈছে নেকি?
অৱশ্যে প্ৰতিবেদনত এই বিষয়ে কোনো উল্লেখ কৰা নাই ।লক্ষ্যণীয়ভাৱে যে ভাৰতত কৰ’নাৰ পৰিস্থিতিয়ে এতিয়াও গণসংক্ৰমণৰ ৰূপ ধাৰণ কৰা নাই বুলি জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। দুসপ্তাহ পূৰ্বে আই চি আৰেও এইদৰে কৈছিল ৷ কিন্তু ইয়াৰ পাছতে তেওঁলোকৰ পৰীক্ষা পদ্ধতি সলনি কৰা হয় ৷ইয়াৰ পাছৰ ফলাফলে কিছু ভিন্ন ইংগিত দিয়ে ৷শ্বাস প্ৰশ্বাসৰ সমস্যাত ভোগা ৫,৯১১ জনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰ ১০৪ জনৰ শৰীৰত ক’ভিড ১৯ ৰ বীজাণু চিনাক্ত কৰা হৈছে ।ইয়াৰে ৪০ জনৰ শৰীৰত কৰ’না ভাইৰাছ চিনাক্ত হৈছে যাৰ কোনো বিদেশলৈ যোৱাৰ ইতিহাস নাই অথবা বিদেশলৈ যোৱা মানুহৰ সংস্পৰ্শলৈ অহা নাই।
দেশত কৰ’না ভাইৰাছে গণসংক্ৰমণৰ আকাৰ ধাৰণ কৰিছে নে নাই,বিগত কিছুদিন ধৰি আই চি এম আৰে এই বিষয়ে পৰ্যবেক্ষণ কৰি আছে । প্ৰতিবেদনত উল্লেখ –
- দেশৰ ২০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫২ খন জিলাৰ পৰা এই ১০৪ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণে দেখা দিছে ৷
- ইয়াৰ ভিতৰত ৮৫ জন পুৰুষ আৰু এইসকলৰ ৮৩ জনৰ বয়স ৪০ ৰ উধ্বৰ্ত ৷
- গণসংক্ৰমণৰ দিশলৈ ভাৰত আগবাঢ়িছে নেকি,সেয়া পৰীক্ষা কৰিবলৈ আৰম্ভণিতে কেৱল লেলাউটিৰ নমুনা পৰীক্ষা কৰিছিল আই চি এম আৰে ৷
- কিন্তু সংক্ৰমণ নকমাত নীতি নিয়ম পৰিৱৰ্তন কৰে ৷ অৱশ্যে ভাৰতত গণসংক্ৰমণ হৈছে নে নাই সেই বিষয়ে মন্তব্য কৰা নাই ।
ADVERTISEMENT