দেশজুৰি তলাবন্ধ | তাৰ মাজতেই মহানগৰীৰ বাবে আহিল এক সুখবৰ | তলাবন্ধৰ মাজতে মহানগৰবাসীৰ মুখত তৃপ্তি দিবলৈ প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা | তলাবন্ধ ৰ বাবে মহানগৰীৰ সকলো মাংসৰ দোকান বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া মাত্ৰ এটা ফোন ক’লতে মহানগৰবাসীয়ে ঘৰতে লাভ কৰিব মাংস |
মহানগৰীৰ ভিন্ন স্থানত জিলা প্ৰশাসনে মাংসৰ দাম নিৰ্ধাৰণ কৰি নিদিষ্ট বিক্ৰেতা সকলৰ স’তে ফোন নম্বৰ মুকলি কৰি দিছে |নিৰ্ধাৰিত মূল্য অনুসৰি একোটা জীৱিত ব্ৰইলাৰ মূৰ্গীৰ প্ৰতি কিলোগ্ৰামত ১৫০ টকা আৰু কটা মাংসৰ প্ৰতি কিলোগ্ৰামত ২২০ টকা। শনিবাৰৰ পৰা কাৰ্যকৰী হোৱা এই ব্যৱস্থাত মহানগৰীৰ গণেশগুৰিৰ বাসিন্দাই ৭৬৩৬০০৯৯৫৫, চিৰিয়াখানা ৰ’ডৰ ৭৮৯৬৮৮৬৮৬১, চানমাৰী ৯৯৫৭৭৭৩০৭৫, শিলপুখুৰীৰ ৮০১১৫৯০৪৫১, বেলতলাৰ ৯৪৩৫১৪৮৭৫১, হাতীগাঁৱৰ ৯৯৫৭০৮৭৯৭৩ আৰু ভঙাগড়ৰ ৯৯৫৭৯৫৩৩৯১ নম্বৰত গ্ৰাহক সকলে ফোন কৰি কৰি মাংসৰ অৰ্ডাৰ কৰিব পাৰিব। অন্যহাতে সমগ্ৰ গুৱাহাটীৰ বাবে ৭০০২৫৫১৮২০ নম্বৰটো দিয়া হৈছে।
ADVERTISEMENT