১৪০০ কিলোমিটাৰ স্কুটি চলাই ঘৰলৈ ওভতাই আনিলে পুত্ৰক 

Telangana mother son rides 1 400 km 1716373bcff medium
এক দুঃসাহসিক যাত্ৰা । অৱশেষত  নিজ ঘৰলৈ উভতি আহিল নিজামুদ্দিন । মাতৃৰ দুঃসাহসিক যাত্ৰাৰ অন্ততঃ বুধবাৰে নিজ গৃহত উপস্থিত হ’বলৈ সক্ষম হয় নিজামুদ্দিন । ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে  সমগ্ৰ দেশত চৰকাৰে ঘোষণা কৰিছে তলাবন্ধ । পৰিবহণ ব্যৱস্থা বন্ধ হৈ পৰাত বহুলোক আবদ্ধ হৈ পৰিছে  বিভিন্ন স্থানত । এনেদৰে আবদ্ধ হৈ পৰিল অন্ধ্ৰপ্ৰদেশৰ বন্ধুৰ ঘৰলৈ ফুৰিব যোৱা তেলেংগানাৰ নিজামুদ্দিন । অৱশেষত মাতৃ ৰাজিয়া বেগমে স্থানীয় আৰক্ষীৰ পৰা অনুমতি লৈ ৬এপ্ৰিলত কাহিলিপুৱাতে অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰলৈ পুত্ৰক ঘৰলৈ আনিবলৈ স্কুটিৰে যাত্ৰা আৰম্ভ কৰে ।
৪৮ বছৰীয়া ৰাজিয়া বেগমে এই দুঃসাহসিক যাত্ৰাৰ সন্দৰ্ভত কয় যে এগৰাকী মহিলাৰ পক্ষে দুচকীয়া বাহনত এনেদৰে যাত্ৰা কৰাটো অতিকৈ কঠিনটম  সময় আছিল । কিন্ত মনৰ ইচ্ছা তথা সাহসে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত মোক সহায় কৰে । অৱশেষত ৩দিন ধৰি  ১৪০০কিলোমিটাৰ স্কুটিৰে পাৰ কৰি নিজ ঘৰলৈ লৈ আনিলে পুত্ৰক । এই যাত্ৰাৰ খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । সকলোৰে মুখত এটাই কথা -‘মাতৃ হয়তো এনেকুৱাই ।’
Exit mobile version