- কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব পৰৱৰ্তী পদক্ষেপ |
- পৰৱৰ্তী তলাবন্ধৰ সম্পৰ্কত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ গ্ৰহণ নকৰে কোনো সিদ্ধান্ত |
- মন্ত্ৰীগোটৰ সভাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত |
- অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল বৈঠকখন |
বৈঠক সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এইদৰে কয়-
ADVERTISEMENT
- সৰ্বদলীয় বৈঠকৰ বাবে আমি আমন্ত্ৰণ জনোৱা বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গৰ সৈতে গুৱাহাটীত মত বিনিময় কৰোঁ আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে আমাৰ সন্মিলিত যুঁজ সন্দৰ্ভত আলোচনা কৰোঁ।
- বৈঠকত অংশগ্ৰহণ কৰি নিজৰ নিজৰ বহুমূলীয়া দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে তেখেতসকলক আন্তৰিক ধন্যবাদ জনালোঁ।
- লগতে, মই জনাবলৈ পাই সুখী হৈছোঁ যে- ক’ভিড-১৯ৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজ দিয়া আমাৰ স্বাস্থ্যকৰ্মী, সুৰক্ষাকৰ্মী আৰু অন্যান্য সকলোকে ধন্যবাদ জনাবলৈ সকলো ৰাজনৈতিক দলৰে নেতাসকলৰ সহমতত এক সন্মিলিত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।