তলাবন্ধৰ মাজতে ৩৭ জন আশ্ৰয়হীন ৰাজস্থানী লোকক চিৰাঙত আশ্ৰয়

IMG 20200415 WA0011

কৰ’নাৰ আতংকৰ মাজতে চিৰাঙত আশ্ৰয় দিয়ে ৩৭ জন ৰাজস্থানী লোকক  । মঙল বাৰে বিয়লি হঠাতে তলাবন্ধৰ মাজতে চিৰাং জিলাৰ ছাপাগুৰিত ট্ৰাকৰ পৰা নামিল পুৰুষ-মহিলা সহ কেঁচুৱাকে ধৰি ৩৮ জনীয়া ৰাজস্থানীলোকৰ দল। বিয়লি ৪ বজাত চিৰাং আৰক্ষীয়ে সোধাপোচা কৰি থাকোতেই দলটোৰ ৯ মহীয়া কেঁচুৱাৰ মৃত্যু হয় আৰু ইয়াৰ পিছতে জিলা প্ৰশাসনে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ইপিনে, ৩৭ জন লোকক ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁও ছাতিপুৰ এম ই মাদ্ৰাছাত থকাৰ ব্যৱস্থা কৰে চিৰাং জিলা প্ৰশাসনে । জনবহুল এলেকাত বিদ্যালয় খনত ৩৭ জন বহিঃ ৰাজ্যৰ লোকক আশ্ৰয় দিয়াক লৈ স্থানীয় লোকৰ মাজত আতংকই বিৰাজ কৰিছে। অন্যহাতে, দলটোৰ মাজৰে এটা কেঁচুৱাৰ মৃত্যু হোৱাত স্থানীয় লোকে কৰ’না আক্ৰান্তৰ লোকক আশ্ৰয় দিয়া সন্দেহ প্ৰকাশ কৰিছে।

স্থানীয় লোকৰ বিৰোধীতাৰ পিছতো জিলা প্ৰশাসনে আৰক্ষী মোতায়েন কৰি সন্ধিয়া ৮ বজাত দণ্ডাধীশৰ উপস্থিতিত ৩৭ জন লোকক বিদ্যালয়ত আশ্ৰয় দিয়ে। লগতে লোককেইজন কৰ’নাত আক্ৰান্ত নহয় বুলি জনায় আৰক্ষীয়ে। নিজামুদ্দিন বিতৰ্ক আৰু কৰ’না আতংকৰ সময়তে এইদৰে বহিঃ ৰাজ্যৰ লোকক আশ্ৰয় দিয়াটো কিমান যুক্তি সংগত হৈছে ইয়াক লৈ বিভিন্ন মহলত আলোচনা হৈছে। অন্যহাতে, এই সন্দৰ্ভত স্থানীয় লোকে জিলা উপায়ুক্ত আৰু চিৰাং জিলাৰ দায়িত্বত থকা মন্ত্ৰী চন্দন ব্ৰহ্মক অৱগত কৰিছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

Exit mobile version