তলাবন্ধ : মাস্ক পৰিধান নকৰিলে ক্ৰয় কৰিব নোৱাৰিব পেট্ৰ’ল

NaveenePatnaik EPS
তলাবন্ধ ৩মে’ পর্যন্ত বৃদ্ধি কৰাৰ পূৰ্বেই ওড়িছাৰ নবীন পাটনায়ক চৰকাৰে ৰাজ্য খনত তলাবন্ধৰ সময়সীমা ৩০ এপ্ৰিল পৰ্যন্ত বৃদ্ধি কৰে । ৰাজ্যখনত ক’ৰনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা অৰ্ধশতক পাৰ কৰাৰ সমান্তৰালভাৱেই  পাটনায়ক চৰকাৰে গ্ৰহণ কৰিছে একাধিক কঠোৰ সিদ্ধান্ত । ক’ৰনা সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিব পৰাকৈ ভূৱনেশ্বৰৰ পেট্ৰ’ল পাম্প বিলাকেও সিদ্ধান্ত লৈছে মাস্ক নথকা গ্ৰাহকক ইন্ধন বিক্ৰী নকৰাৰ। ইতিমধ্যে  জাননী আঁৰি দিছে ভূৱনেশ্বৰৰ পেট্ৰ’লপাম্প বিলাকে । এ এন আইৰ টুইটত ভূৱনেশ্বৰৰ পেট্ৰ’লপাম্প বিলাকৰ কৰ্মীসকলে মাস্ক পৰিধান কৰিহে কাম কৰি থকাৰ সন্দৰ্ভতো বাতৰি দিয়া হৈছে ।
অৱশ্যে ওড়িছাত এনে সতৰ্কতা একমাত্ৰ পেট্ৰ’ল পাম্পৰ ক্ষেত্ৰতে গ্ৰহণ কৰা হোৱা নাই ।পাচলিৰ দোকানতো মাস্ক পৰিধান নকৰা গ্ৰাহকসকলক পাচলি বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰিছে দোকানী সকলে । ৰাজ্য খনৰ সকলো বাসিন্দাৰ বাবে  ঘৰৰ বাহিৰত থকা সময়ত মাস্ক পিন্ধি থকাটো বাধ্যতামূলক কৰিছে । মাস্ক পৰিধান নকৰাকৈ ঘৰৰ বাহিৰলৈ আহিলে প্রথম তিনি বাৰত প্ৰতিবাৰতে দুশ টকা কৈ তথা ইয়াৰ পৰৱৰ্তী সময়ত পাঁচশ টকাকৈ জৰিমনা কৰা হ’ব । ৰাজ্যখনত এতিয়া পেট্ৰ’লৰ লগতে আলু-পিয়াঁজ, পাচলি আদি ক্ৰয় কৰিব যোৱাৰ সময়ত মাস্ক পৰিধান নকৰিলে নিত্য প্ৰয়োজনীয় সামগ্ৰী ঘৰলৈ অনাটোৱে অসম্ভৱ প্ৰায় হৈ উঠিব।
Exit mobile version