ভাৰততো কৰ’না আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। এই পৰ্যন্ত দেশত কমেও ১৩ হেজাৰতকৈ অধিক লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি ভাৰতত এই পর্যন্ত ১৩,৬৬৩ জন আক্ৰান্ত হৈছে আৰু ৪৫০ জনৰ মৃত্যু হৈছে। সুখবৰ এয়ে যে এই পৰ্যন্ত কমেও ১৭৯৩ জন সুস্থ হৈ উঠিছে। মহাৰাষ্ট্ৰত ৩২০২ জন আক্ৰান্ত হৈছে আৰু দিল্লীত কমেও ১৬৪০ জন সংক্ৰমিত হৈছে।
ইপিনে, বিশ্বৰ আক্ৰান্তৰ সংখ্যা ২১,৬৫,৫০০ জন আৰু মৃত্যু হৈছে ১,৪৫,৭০৫ জনৰ। ইয়াৰোপৰি ভয়াবহ ৰূপ ধাৰণ কৰা আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা ৬,৭৬,৬৭৬ জন আৰু মৃতকৰ সংখ্যা ৩৪ হেজাৰ।