অসমে ছিঙিলে ক’ভিড১৯ ৰ শিকলি ◊ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

♦অসমৰ পৰিস্থিতি বৰ্তমান সুস্থিৰ

অসম ক’ভিড১৯ সংক্ৰমণৰ শিকলি ছিঙিবলৈ সক্ষম হৈছে “বিশ্বৰ লগতে সমগ্ৰ দেশ ভয়াবহ ভাইৰাছৰ সংক্ৰমণক লৈ কম্পিত হৈ থকাৰ সময়তে আজি এই কথা সদৰি কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।সংবাদমেলত অংশ লৈ মন্ত্ৰী ড° শৰ্মাই কয় যে অসমত ভাইৰাছত সংক্ৰমিত লোক আছে। কিন্তু এই ক্ষেত্ৰত অসম বৰ্তমান যথেষ্ট সুস্থিৰ ৷ নতুনকৈ আক্ৰান্ত হোৱা লোকসক কোৱাৰেন্টাইনত থকা লোক ৷গতিকে তেওঁলোকে সমাজত কৰ’না ভাইৰাছ বিয়পাব নোৱাৰে। কিন্তু এতিয়াও কৰ’না ভাইৰাছৰ পৰা অসম সম্পূৰ্ণৰূপে মুক্ত নহয়।

তলাবন্ধৰ ফলত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা বৃহৎ সংখ্যক লোক যদিহে অসমলৈ উভতি আহে তেতিয়াৰ পৰিস্থিতি কি হ’ব এতিয়াই কোৱা নাই বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰি কয় যে সেইটো আমাৰ কাৰণে বৃহৎ প্ৰত্যাহ্বান হ’ব ৷এই প্ৰত্যাহ্বান মানৱতা আৰু কৰ’না টু’ৰ মাজত চলিব। ইফালে ভাৰতৰ বাহিৰত কিমান মানুহ আছে সেই সংক্ৰান্তত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ১৫ লাখ মানুহৰ কথা উল্লেখ আছে ৷লগতে এই ক্ষেত্ৰত ফৰ্ম ফিলাপ কৰাৰ সংখ্যা ২,১৭,২২০ জন ৷ আনহাতে অসমত ৰোগৰ দ্ৰুত চিনাক্ত কৰি চিকিৎসা ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ স্বাস্থ্যবিভাগে লৈছে বুলি সদৰি কৰে শৰ্মাই ৷

ড° শৰ্মাই সদৰি কৰা অনুসৰি ক’ভিড১৯ ৰ পৰীক্ষাৰ বাবে সদ্যহতে ডিঙিৰ পৰা নমুনা সংগ্ৰহ কৰা হয় যদিও নাকৰ পৰাও এইবাৰ নমুনা সংগ্ৰহ কৰা হ’ব ৷নাকত বীজাণু সোমালেহে ডিঙিলৈ যায় ৷নাকৰ নমুনা পৰীক্ষা কৰিলে প্ৰাথমিক অৱস্থাতে সংক্ৰমণ তথা আক্ৰান্ত হোৱাৰ সম্ভাৱনাক বাধা দিব পৰা যায় ।অৱশ্যে নাকৰ লগতে ডিঙিৰো পৰীক্ষা সমান্তৰালভাৱে চলিব ।কোৱাৰেন্টাইনটো সংশোধনী ঘটাই ১৪ দিনৰ পৰিৱৰ্তে ১৬ -১৮ দিনটো ক’ভিড১৯ ত আক্ৰান্ত হ’ব পাৰে।

ইপিনে অসমত আজিলৈ ৩৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷মৃত্যু হৈছে ১জনৰ ৷ আনহাতে ১২ জনক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ৷ কৰ’নাত আক্ৰান্তসকলৰ ৩৪ জনৰ ভিতৰত ৩২ জনেই তবলিগি জামাতৰ লগত প্ৰত্যক্ষ সম্পৰ্কিত ।

আনহাতে অসমত ক’ভিডত আক্ৰান্ত লোকৰ বয়স ন্যূনতম ১৮ বছৰৰ পৰা সৰ্বাধিক ৭১ বছৰৰ ভিতৰত৷ আক্ৰান্তসকলৰ ভিতৰত ৫০-৬০ বছৰ বয়সৰ লোকসকলৰ স্বাস্থ্য স্পৰ্শকাতৰ ।শেহতীয়াকৈ অসমৰ স্বাস্থ্য বিভাগে চীনৰ পৰা ৫০ হেজাৰ পি পি ই কিট আমদানি কৰে ৷এই কিটসমূহৰ মানক লৈ বিতৰ্ক অব্যাহত আছে ৷এনে বিতৰ্কক সমালোচনা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

তেওঁ কয় যে এয়া অৰ্থহীন সমালোচনা ৷ইয়াৰ জৰিয়তে চিকিৎসক,নাৰ্ছসকলহে হতাশ কৰাৰ প্ৰক্ৰিয়া চলিছে। লগতে একাংশ সংবাদমাধ্যমেও তথ্যৰ বিচাৰ নকৰাকৈ অপপ্ৰচাৰ কৰা বুলি মন্ত্ৰীজনে সমালোচনা কৰে ।

Exit mobile version