দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ ঘোষণা হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰিছিল যে ২০ এপ্ৰিলৰ পৰা পৰিস্থিতি সাপেক্ষে দেশজুৰি বিভিন্ন খণ্ডত সকাহ দিয়া হ’ব। আজি এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এখন তালিকা প্ৰকাশ কৰে ।এই তালিকাত অহা ২০ এপ্ৰিলৰ পৰা দেশজুৰি যিসমূহ সেৱা পুনৰ কাৰ্যক্ষম হ’ব সেই সম্পৰ্কে উল্লেখ কৰা হৈছে ।অৱশ্যে কৰ’না ভাইৰাছত হটস্পট হিচাপে চিনাক্ত হোৱা ঠাইসমূহত এই তালিকা প্ৰযোজ্য ন’হব ।আজি প্ৰকাশিত তালিকা অনুসৰি ২০ এপ্ৰিলৰ পৰা কাৰ্যক্ষম হ’বলগীয়াসমূহৰ ভিতৰত আছে সকলো ধৰণৰ স্বাস্থ্য সেৱা,সকলো কৃষিজাত আৰু উদ্যান শস্যৰ কাৰ্যকলাপ,হাঁহ কুকুৰা,মৎস্য পালনৰ লগতে চাহ কফি আৰু ৰবৰৰ খেতি ৷অৱশ্যে এই কৃষিকাৰ্যত ৫০ শতাংশ শ্ৰমিক ব্যৱহাৰ কৰিব লাগিব ৷একেদৰে বিত্তীয় খণ্ডৰ কাম কাজ অব্যাহত থাকিব ।সামাজিক দূৰত্বৰ নীতি ৰক্ষা কৰি মাস্ক পৰিধান কৰি এম জি এনৰেগাৰ শ্ৰমিকসকলে কাম কৰিব লাগিব ৷বাণিজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহ মুকলি কৰি দিয়া হ’ব ৷নিৰ্মাণ কাৰ্যও আৰম্ভ হ’ব ৷জৰুৰীকালীন সেৱা,চিকিৎসা,আৰু পশুপালন সম্পৰ্কীয় সামগ্ৰী সৰবৰাহ আৰু ৰাজ্য চৰকাৰৰ অনুমোদন মৰ্মে কৰ্মস্থলীলৈ যাত্ৰা কৰা সকলো ধৰণৰ লোককে ব্যক্তিগত বাহনৰ চলাচলত অনুমতি দিয়া হ’ব ৷কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহ মুকলি হ’ব। সাধাৰণ জনগণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে যদিও ইয়াৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতাও আৰোপ কৰা হৈছে ৷এই সন্দৰ্ভত ৰাজনাথ সিঙে কয় যে ১৫ এপ্ৰিলত গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা গাইডলাইন অনুসৰি নিষেধাজ্ঞা কিছু পৰিমাণে শিথিল কৰা হ’ব। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভাষ্য চূড়ান্ত হ’ব ৷প্ৰয়োজন হ’লে ৰাজ্য চৰকাৰে অধিক কঠোৰ নিষেধাজ্ঞা পালন কৰিব পাৰিব বুলি কয় ৰাজনাথ সিঙে ৷
ADVERTISEMENT