ভাৰতত কৰ’নাৰ আক্ৰমণ বৃদ্ধি পাইছে ৷এই পৰ্যন্ত দেশত আক্ৰান্তৰ সংখ্যা ১৭ হেজাৰতকৈ অধিক হৈছে ৷মৃত্যু হৈছে প্ৰায় ৫৬৩ জন ৷আনহাতে সুস্থ হৈ উঠিছে ২৭৩৯ জন ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ১৩৩৪ জন আক্ৰান্ত হৈছে ৷আৰু কমেও ২৭ জনৰ মৃত্যু হৈছে ।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে কৰ’নাত আক্ৰান্তৰ সুস্থ হোৱাৰ হাৰ বৃদ্ধি পাইছে ।সম্প্ৰতি এই হাৰ ১৪.১৯ শতাংশ ৷দেশৰ ১২ খন ৰাজ্যৰ ২২ খন জিলাত নতুনকৈ কোনো লোক আক্ৰান্ত হোৱা নাই।
দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতলৈ গৈ সংক্ৰমিত হোৱা লোকৰ সংখ্যা দেশজুৰি চাৰি হেজাৰ বুলি এই চৰকাৰে তথ্য প্ৰকাশ কৰে। এয়া দেশৰ মুঠ আক্ৰান্তৰ প্ৰায় ৩০ শতাংশ ৷ইপিনে মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷এই পৰ্যন্ত কমেও ৪২ শতাংশ লোক আক্ৰান্ত হৈছে ৷মৃত্যু হৈছে ২২৩ জনৰ ৷মহাৰাষ্ট্ৰৰ পিছত দিল্লীত আক্ৰান্ত সংখ্যা সৰ্বাধিক ।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সকীয়াই দিছে।ইফালে আজিৰ পৰা দেশজুৰি তলাবন্ধ শিথিল কৰা হৈছে।
জনস্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এতিয়াৰ পৰাহে দেশত প্ৰকৃত যুঁজখন আৰম্ভ হ’ব ৷দেশত মহামাৰীৰ পৰিসংখ্যা উৰ্ধ্বমুখী হ’বলৈ আৰম্ভ কৰিছে। এই পৰিস্থিতিত কাৰ্যালয়,বাট পথ,কল কাৰখানাত মানুহৰ যাতায়ত আৰম্ভ হ’লে কি হ’ব পাৰে এই প্ৰশ্নক লৈ উদ্বেগ বাঢ়িছে। মহামাৰী বিশেষজ্ঞসকলৰ মতে সংক্ৰমণৰ এই পৰ্যায়ত ভাৰতৰ এই হাৰ স্বাভাৱিক আৰু অধিক বৃদ্ধিৰ আশংকা আছে ।সেয়েহে সতৰ্ক হৈ থকা প্ৰয়োজন ।
সম্প্ৰতি ভাৰত কৰ’না সংক্ৰমণৰ প্ৰথম পৰ্যায়ৰ মাজেৰে গতি কৰা বুলি কয় পৰিচ্ছন্নতা আৰু ৰাজহুৱা স্বাস্থ্যৰ সৰ্বভাৰতীয় প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপিকা মধুমিতা ডুবেই ।ক’ভিড১৯ৰ প্ৰতিৰোধ ক্ষমতা নথকাসকলৰ মাজত সংক্ৰমণ বিয়পিছে ৷তেওঁ কয় তলাবন্ধ শিথিল হোৱা মানেই সংক্ৰমণ হ্ৰাস পালে এনে নহয়। তলাবন্ধই সংক্ৰমণ বিয়পোৱাটো হ্ৰাস কৰে ৷পৰ্যায়ক্ৰমে তলাবন্ধ প্ৰত্যাহাৰ হ’লেও হাত ধোৱা,মাস্ক পৰিধান কৰা,একে ঠাইত সমবেত নোহোৱা,সামাজিক দূৰত্বৰ নিয়ম আদি মানি চলিব লাগে।
ADVERTISEMENT






























