কুকুৰ হত্যা, আৰক্ষীৰ জেৰা সেনাৰ কেপ্তেইনক

abandoned dog banjo spca today 160108 tease 3cacdbe60100be11d1a38624b93eae5e.fit 760w

গৰাকীবিহীন এটা পথৰ কুকুৰে পোহনীয়া কুকুৰটোক কামোৰাৰ বাবে খঙৰ ভমকত ঘৰৰ অনুজ্ঞাপত্ৰ থকা ১২ বৰৰ বন্দুকেৰে পথৰ কুকুৰটোক খেদি খেদি হত্যা কৰিলে ৰাজীৱ ফুকন নামৰ দেশৰ সেনাবাহিনীৰ কেপ্টেইনজনে। তেজপুৰৰ বাসগৃহত থকা সেনাৰ কেপ্তেইনজনৰ ঘৰৰ পোহনীয়া কুকুৰটোক পথৰ কুকুৰটোৱে আক্ৰমণ কৰাৰ পাছতেই ঘৰৰ ‘ডাবোল বেৰেল’ বন্দুকটোৰে খেদি গৈ ওচৰৰ পৰা পথৰ কুকুৰটোক গুলীয়াই হত্যা কৰে।

এই ঘটনাৰ পিছতেই শালনীবাৰী আৰক্ষীয়ে সেনাৰ কেপ্তেইন ৰাজীৱক আটক কৰাৰ লগতে তেওঁ ব্যৱহাৰ কৰা ঘৰৰ বন্দুকটো আৰু দুজাই সজীৱ গুলি আৰু দুটা ব্যৱহৃত কাটিজ জব্দ কৰিছে । এজন সেনা বিষয়াই খঙত হিতাহিত জ্ঞান হেৰুৱাই ৰাষ্ট্ৰীয় পথেৰে ঘৰুৱা অনুজ্ঞাপত্ৰ থকা বন্দুকলৈ এটা পথৰ কুকুৰক হত্যা কৰা ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Exit mobile version