পি এম কেয়াৰ, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি তথা অসম আৰোগ্য নিধিলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ ৪.৫১ লাখ টকাৰ বৰঙণি

donate pm cares fund control covid 19

ক’ভিড-১৯ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ‘পি এম কেয়াৰ’ পুঁজি, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি তথা অসম আৰোগ্য নিধিলৈ ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে আগবঢ়োৱা বৰঙণি আজিও অব্যাহত আছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ১৭ গৰাকীকৈ ন্যায়াধীশে আজি ‘পি এম কেয়াৰ’ পুঁজি, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি তথা অসম আৰোগ্য নিধিলৈ মুঠ ৪ লাখ ৫১ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়।

অন্যহাতে, বহুকেইজন ব্যক্তি আৰু প্ৰতিষ্ঠনসমূহৰ ভিতৰত ছেভেন চিষ্টাৰ্চ ট্ৰেড এণ্ড ডিষ্টিলেৰীছ প্ৰাইভেট লিমিটেডে ১ লাখ টকা, নৰ্থ ইষ্ট ডিষ্টিলেৰীছ  প্ৰাইভেট লিমিটেডে ১ লাখ টকা, আৰোমা ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ১ লাখ টকা, ছাৰন ইণ্ডাষ্ট্ৰিজে ১ লাখ টকা, হাইলেন ইনফ্ৰাটেকে ১ লাখ টকা, ভৰলু ভিউ হাউছিং ছ’চাইটিয়ে ১.০১ লাখ টকা, বন্দনীয় লক্ষ্মীবাই কেলকাৰ স্মাৰক সমিতিয়ে ৫১ হাজাৰ টকা, আৰ ডি এডুকেশ্যনেল এণ্ড স্পৰ্টছ্ ফাউণ্ডেচনে ৭০ হাজাৰ টকা, ডিব্ৰুগড় জিলা ক্ৰিয়া সন্থাই ১ লাখ টকা, মনোৰমা বৰাই ১ লাখ টকা আৰু গুৱাহাটী ব্যাপিষ্ট চাৰ্ছে ১ লাখ টকাৰ বৰঙণি আগবঢ়ায়।

Exit mobile version