কৰ’নাৰ প্ৰভাৱত প্ৰথমবাৰলৈ পিছুৱালে কেদাৰনাথ -বদ্ৰীনাথ মন্দিৰ মুকলিৰ দিন 

Badrinath Temple Uttarakhand Photo Vishwanath Negi

????????????????????????????????????

কৰ’না ভাইৰাছৰ  সংক্ৰমণ ৰোধৰ বাবে অধিকাংশ মন্দিৰ -মছজিদ-গীৰ্জাৰ দ্বাৰ দীৰ্ঘদিন ধৰি বন্ধ আছে ।এনে পৰিস্থিতিত কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰৰ দ্বাৰ খোলাৰ দিনো পিছুৱাই গ’ল।প্ৰথমবাৰলৈ নিৰ্দিষ্ট দিনত খোল নাখাব দেশৰ অন্যতম বৃহৎ দুই মন্দিৰৰ দ্বাৰ ।২৯এপ্ৰিলৰ পৰিৱৰ্তে কেডাৰনাথ মন্দিৰ খুলিব ১৬মে’ত ।উল্লেখ্য যে প্ৰতি বছৰে ২৯এপ্ৰিলত কেদাৰনাথ আৰু ৩০ এপ্ৰিলত বদ্ৰীনাথ মন্দিৰৰ দ্বাৰ মুকলি হয় ।উল্লেখ্য যে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সম্প্ৰতি সমগ্ৰ দেশতে তলাবন্ধ অব্যাহত আছে ।
সম্প্ৰতি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্রিৱেন্দ্ৰ ৰাৱাট, ধৰ্ম বিষয়ক দপ্তৰৰ মন্ত্ৰী সৎপাল মহাৰাজ আৰু তেহৰিৰ সাংসদ মালা ৰাজলক্ষ্মী শ্বাহে এক বৈঠকত মিলিত হৈ মন্দিৰ মুকলিৰ বাবে নতুনকৈ দুটা দিন স্থিৰ কৰে ।বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি ,কেদাৰনাথ মন্দিৰ ১৪ মে’ আৰু বদ্ৰীনাথ মন্দিৰ ১৫মে’ ত খুলিব ।শীতকালত এই মন্দিৰ দুটা বন্ধ হৈ থাকে ।সেয়ে বন্ধৰ সময়ত দুয়োটা মন্দিৰৰ প্ৰধান পুৰোহিতদ্বয় ৰাজ্যৰ বাহিৰত থাকে ।ইতিমধ্যে তেওঁলোকে নিজৰ থকা স্থানৰ পৰা উত্তৰাখণ্ড অভিমুখে ৰাওনা হৈছে।
মহাৰাষ্ট্ৰৰ নন্দেদক পৰা যাত্ৰা আৰম্ভ কৰিছিল কেদাৰনাথ মন্দিৰৰ প্ৰধান  পুৰোহিত  ভীমশংকৰ লিঙে।এহেজাৰ আঠশ কিলোমিটাৰ পথ খোজকাঢ়ি অতিক্ৰম কৰি যোৱা দেওবাৰে তেওঁ কেদাৰনাথত উপস্থিত হয়।।তাৰপাছতে পুৰোহিত জনক কোৱাৰেণ্টাইনত পঠোৱা হয়।আনহাতে বদ্ৰীনাথৰ পুৰোহিত ঈশ্বৰী প্ৰসাদ নাম্বুদ্ৰিও কেৰালাৰ কন্নুড়ৰ পৰা আহি উত্তৰাখণ্ডৰ যোশীমঠত উপস্থিত হ’ব।তেওঁকো কোৱাৰেণ্টাইনত পঠোৱা হ’ব বুলি প্ৰশাসনে জনাইছে। অষ্টাদশ শতিকাত কেদাৰনাথ ,বদ্ৰীনাথ,গংগোত্ৰী আৰু যমনোত্ৰী এই চাৰি ধৰ্মীয় স্থান বছৰৰ ছমাহ খোলা থাকে ।এই সময়ছোৱাতে ইয়ালৈ ভক্ত আৰু পৰ্যটকে মন্দিৰ পৰিদৰ্শন কৰে ।
Exit mobile version