বিশ্ব ত্ৰাস কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কৰিবলৈ দেশজুৰি অব্যাহত আছে তলাবন্ধ | এই সময়ছোৱাত দুখীয়া তথা সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে চৰকাৰে ইটো পিছত সিটো আঁচনিৰে সকাহ দিয়াৰ চেষ্টা কৰাৰ সময়তে একাংশ অসাধুৱে নিজৰ মুনাফা আদায়ৰ সুযোগ গ্ৰহণ কৰাৰ অভিযোগ উঠিছে | মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ চাবুৱা জেৰাই যোগীপথাৰ গাঁৱৰ সুলভ মূল্যৰ চাউল লাভ কৰা একাংশ ৰাইজৰ অভিযোগ অনুসৰি গাঁওখনৰ জনৈক গগৈ নামৰ এজেণ্ট জনে এই অনিয়ম সংঘটিত কৰিছে। গ্ৰাহকৰ তালিকাত পৰিয়ালৰ অন্যান্য সদস্যৰ নাম থকা স্বত্বেও সকলো সদস্যৰ প্ৰতি চাউল বিতৰণ কৰা নাই এজেণ্টজনে। চাৰিজনৰ পৰিৱৰ্তে দুজন, স্কুলীয়া ছাত্ৰ-ছাত্ৰ থাকিলে বিদ্যালয় খাদ্য লাভ কৰা বা চাউল পোৱা শিশু সদস্যই চাউল নাপাব বুলি কৈ সামগ্ৰী প্ৰদান নকৰা বুলি মন্তব্য কৰাৰ কথা ৰাইজে স্বীকাৰ কৰিছে।
চাবুৱাত সুলভ মূল্যৰ চাউলৰ যোগানত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownSTAY HOME STAY SAFE
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026