ধিঙত বজ্ৰপাত পৰি কৃষকৰ মৃত্যু 

how to deal with rain on T1181023

নগাঁও জিলাৰ ধিঙৰ চলা পথাৰত মঙ্গলবাৰে বজ্ৰপাতৰ ফলত গিয়াছ উদ্দিন নামৰ এজন কৃষকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ বন্যা বৈছে। কৃষকজনৰ নাম  গিয়াছ উদ্দিন। ঘটনাক্ৰমে  মঙ্গলবাৰে দুপৰীয়া গিয়াছ উদ্দিন নামৰ কৃষকজনে  পথাৰত কাম কৰি থকাৰ সময়তে এক মান বজাত বজ্রপাত পৰাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালে সদৰী কৰিছে । উল্লেখ্য যে বজ্ৰপাত পৰা কৃষকজনক  পৰিয়ালৰ লোকে ততাতৈয়াকৈ ধিঙৰ  আৰ  ইউত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Exit mobile version