কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে দ্বিতীয় বাৰৰ কাৰণে দেশত প্ৰযোজ্য কৰা তলাবন্ধৰ সময়সীমা ৩ মে’ত অন্ত পৰিব ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে দেশৰ মুখ্যমন্ত্ৰীসকলৰ লগত কৰ’না ভাইৰাছৰ সম্পৰ্কত প্ৰায় ২ ঘন্টা সময় এলানি আলোচনা কৰে ৷ সময়ৰ অভাৱৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে মাত্ৰ নজন মুখ্যমন্ত্ৰীৰ লগত কৰ’নাৰ সন্দৰ্ভত মতবিনিময় কৰিব পাৰে ৷ ইফালে কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ সময়ত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগত চতুৰ্থবাৰৰ কাৰণে ভিডিঅ’ কনফাৰেন্সৰ যোগেৰে কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীয়ে মুখ্যমন্ত্ৰীসকলৰ লগত কৰ’না ভাইৰাছ তথা তলাবন্ধৰ সম্পৰ্কত আলোচনা কৰে ৷
- ৩মে’ৰ পিছতো মেঘালয়ত তলাবন্ধ শিথিল নহয় ।
- ৰাজ্যৰ গ্ৰীণ জ’ন, ৰেড জ’ন আৰু অৰেঞ্জ জ’নৰ ওপৰত চৰ্চা ভিডিঅ’ কনফাৰেন্সত ৷
- গ্ৰীণ জ’নসমূহ তলাবন্ধ খুলি দিয়াৰ ইংগিত প্ৰধানমন্ত্ৰীৰ ৷
- আনহাতে গ্ৰাম্য অঞ্চলতো সামাজিক দূৰত্ব বজাই ৰাখি দোকান পোহাৰ খুলিবলৈ নিৰ্দেশ দিয়া হ’ব ৷ কাৰণ মোদীৰ ভাষাত কৰ’না ভাইৰাছক প্ৰতিৰোধৰ ক্ষেত্ৰত নামমাত্ৰ ভুলেই সৰ্বনাশ নমাই আনিব পাৰে মানৱ জাতিলৈ ৷
- ৰাজ্যৰ চাৰিজন মুখ্যমন্ত্ৰীৰ তলাবন্ধ বৃদ্ধিৰ পক্ষত ৷
- ৰেড জ’নত কেনেধৰণৰ ব্যৱস্থা থাকিব সেয়া নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে ৷ প্ৰয়োজন হ’লে সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে ৷
- তলাবন্ধৰ পিছত সামাজিক আৰু অৰ্থনৈতিক পৰিবেশ ঘূৰাই অনাৰ আশ্বাস মোদীৰ ৷
পূৰ্বে ২০ আৰু ২৫ এপ্ৰিলত দেশৰ আৰ্থিক অৱস্থা সৱলীকৰণৰ ক্ষেত্ৰত তলাবন্ধ শিথিল কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ অৱশ্যে কৰ’না ভাইৰাছক প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্যসমূহত কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিব এইসকলবোৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ওপৰত অৰ্পণ কৰিছিল । আনহাতে ২০ মাৰ্চত প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে মতবিনিময় কৰিছিল ৷ এই সময়ত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ সম্পৰ্কত আলোচনা কৰিছিল মোদীয়ে ৷ ইয়াৰ পিছত ২ এপ্ৰিলত দ্বিতীয়বাৰৰ কাৰণে আৰু ১১ এপ্ৰিলত তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীসকলৰ স’তে মতবিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ তলাবন্ধৰ প্ৰথম পৰ্যায় অন্ত পৰে ১৪ এপ্ৰিলত ৷ইয়াৰ পূৰ্বে ১১ এপ্ৰিলত মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ লগত তলাবন্ধ বৃদ্ধি কৰাৰ সন্দৰ্ভত চৰ্চা কৰে ৷ সম্প্ৰতি কৰ’না ভাইৰাছৰ কাৰণে সমগ্ৰ দেশতে তলাবন্ধ ঘোষণা কৰা হৈছে । দেশত দিয়া দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ অন্ত পৰিব অহা ৩ মে’ত ৷ অৱশ্যে কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি বা হ্ৰাস পোৱাৰ ওপৰত নিৰ্ভৰ কৰিব দেশৰ তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ প্ৰয়োজনীয়তা ৷ কাৰণ কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে সামাজিক দূৰত্ব বজাই ৰখাটোৱে একমাত্ৰ উপায় বুলি ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশ্বৰ বহু প্ৰভাৱশালী নেতৃত্বই মত প্ৰকাশ কৰিছে ৷