সম্প্ৰতি কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে সমগ্ৰ বিশ্বতে দিয়া তলাবন্ধৰ কাৰণে সকলো ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে ৷ কৰ্মব্যস্ততাৰ কাৰণে পৰিয়ালক সময় দিব নোৱাৰাসকলৰ কাৰণে সম্প্ৰতি কৰ’না ভাইৰাছে যেন এক সুযোগ প্ৰদান কৰিলে ৷ লগতে যিসকলে নিজৰ প্ৰিয়জনৰ লগত সময় কটাবলৈ হাবাথুৰি খাই থাকে ৷ তেওঁলোকৰ কাৰণেও সুবৰ্ণ সুযোগ প্ৰদান কৰিলে কৰ’না ভাইৰাছে ৷ কিন্তু প্ৰায় ৩৬ দিন তলাবন্ধত সকলো গৃহবন্দী হৈ থকা সময়ত ঘৰৰ অন্যান্য কাম কৰাৰ লগতে মনোৰঞ্জনৰ কাৰণে চাব পাৰে বিভিন্ন ধৰণৰ পৰিয়ালকেন্দ্ৰিক ছবি ৷ কাৰণ কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে ঘৰৰ ভিতৰত থাকি আমনি পোৱাটো সকলোৰে কাৰণে স্বাভাৱিক কথা ৷ গতিকে চাওঁ আহক বলীউডৰ কেইখনমান পৰিয়াল কেন্দ্ৰিক ছবিৰ তালিকা ৷
১)কভি খুশী কভি গম
বলীউডৰ জনপ্ৰিয় ছবি “কভি খুশী কভি গম” ছবিখন আপোনালোকে চাব পাৰে আমাজন প্ৰাইম ভিডিঅ’ত । পৰিচালক কৰণ জোহৰৰ ছবি কভি খুশী কভি গম ছবিখনে আমাক নিজৰ অভিভাৱকৰ দায়িত্ব,সন্মান,মৰম এই সকলোবোৰৰ বিষয়ে চিন্তা কৰিবলৈ সকিয়াই দিয়ে । ছবিখনত বিগ বি অমিতাভ বচ্চন, জয়া বচ্চন, কৰীনা কাপুৰ, ঋত্বিক ৰোশন, বাদশ্বাহ শ্বাহৰুখ খানৰ অভিনয় আৰু কাজলৰ উৎপতীয়া অভিনয়ে সকলোকে আকৰ্ষণ কৰে ৷ লগতে কভি খুশী কভি গম ছবিখনত কৰীনা কাপুৰ খানে অভিনয় কৰা পু চৰিত্ৰটোক চাগে কোনো চলচ্চিত্ৰপ্ৰেমীয়েই পাহৰিব নোৱাৰে ।
২.দিল ঢড়কনে দো
বলীউডৰ অন্যতম জনপ্ৰিয় ছবি দিল ঢড়কনে দো ছবিখনক আপুনি চাব পাৰে নেটফ্লিক্স”ত ৷ জয়া আখতাৰৰ পৰিচালনাৰে এই ছবিখনেও অভিভাৱকৰ মৰম, দায়িত্বক মনত পেলাই দিয়ে। লগতে ছবিখনত সকলো সময়ত যে অভিভাৱকে লোৱা সিদ্ধান্ত সন্তানৰ কাৰণে উপযুক্ত নহয় সেই কথাও সকিয়াই দিয়ে ৷ আনহাতে আধুনিকতাৰ ধামখুমীয়াত আমি এখন মুখা পিন্ধি অভিনয় কৰোতে যেন নিজৰ লগতে সম্পৰ্কসমূহকো যে পাহৰি যাওঁ সেই সম্পৰ্কেও বৰ সুন্দৰকৈ উপস্থাপন কৰিছে ছবিখনত । বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ আৰু শেফালী শ্বাহে ক্ৰমে কমল আৰু নিলম মেহেৰা নামৰে পতি পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে। ইফালে তেওঁলোকৰ সন্তানৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিং(কবীৰ) আৰু প্ৰিয়ংকা চোপ্ৰাই (আয়েশা)। লগতে ছবিখনত অনুস্কা শৰ্মায়ো এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷
৩.হাম সাথ সাথ হ্যে
যদি আপুনি ভাবিছে যে তলাবন্ধৰ সময়ত পৰিয়ালৰ লগত মনোৰঞ্জনৰ সোৱাদ লওঁ তেন্তে চাব পাৰে সুৰয বাৰ্জাট্যৰ ছবি হাম সাথ সাথ হ্যে ৷ ছবিখনত পিতৃ মাতৃয়েই যে আমাৰ কাৰণে ভগৱান তুল্য সেই সন্দৰ্ভত সুন্দৰকৈ দেখুওৱা হৈছে । লগতে ছবিখনৰ জৰিয়তে যেন সকলোৱে ল’ৰালি কাললৈ ঘূৰি যাব পাৰে । গতিকে ছবিখনৰ চতুৰ্বেদী পৰিয়ালৰ লগত তলাবন্ধৰ সময়ত সময় কটাব পাৰে আপুনি ৷
৪.তাৰে জমীন পৰ
তলাবন্ধৰ সময়ত পৰিয়ালকেন্দ্ৰিক এখন ছবি হৈছে তাৰে জমীন পৰ ৷ দৰ্শন চাফাৰীয়ে অভিনয় কৰা ঈশান নন্দকিশোৰ অৱস্থিয়ে Dyslexia নামৰ এটি ৰোগত আক্ৰান্ত হয়। কিন্তু এই বিষয়ে জ্ঞাত নহয় ঈশানৰ অভিভাৱক ৷ ইয়াৰ পিছত আমিৰ খানৰ তত্ত্বাৱধানত অভিভাৱকে এই বিষয়ে জানিব পাৰে। ইফালে ছবিখনত আমিৰ খানে দিয়া ব্যক্তব্যটো সকলৰো কাৰণে প্ৰেৰণাৰ উৎস।
৫.তামাছা
বলীউডৰ অন্যতম জনপ্ৰিয় পৰিচালক ইমতিয়াজ আলীৰ তামাছা চলচ্চিত্ৰ প্ৰেমীসকলে চাব পাৰে জি ফাইভত । ছবিখনত ৰনৱীৰ কাপুৰ আৰু দিপীকা পাডুকনে অভিনয় কৰিছে ৷ ছবিখনত ৰনৱীৰ কাপুৰৰ মন’ল’গে হৃদয় স্পৰ্শ কৰিব আপোনাৰ ৷
৬.উড়ান
বিক্ৰমাদিত্যৰ ছবি উড়ানে পিতা পুত্ৰৰ সম্পৰ্কক সুন্দৰকৈ উপস্থাপন কৰিছে ৷ ছবিখনত ৰজত বাৰেমছা আৰু ৰণিত ৰয়ে অভিনয় কৰিছে।
৭.পিকু
পিকু ছবিখন আপোনালোকে চাব পাৰে চ’নী লাইভত ৷ ছবিখনত পিতৃ আৰু জীয়ৰীৰ সম্পৰ্কক সুন্দৰকৈ দেখুওৱা হৈছে। ছবিখনত অভিতাভ বচ্চন আৰু দীপিকা পাডুকনে অভিনয় কৰিছে । দীপিকা পাডুকনৰ বিপৰীতে অভিনয় কৰিছে ইৰফান খানে ।
৮.কাপুৰ এণ্ড চন্ছ
নেটফ্লিক্স”ত তলাবন্ধৰ সময়ত আপুনি চাব পাৰে “কাপুৰ এণ্ড চনচ” ছবিখন ৷ পৰিয়ালকেন্দ্ৰিক এই ছবিখনত ৯০ বছৰীয়া অমৰজিৎ কাপুৰে(ঋষি কাপুৰ)পৰিয়ালৰ ফ’টো ক্লিক কৰিব বিচাৰে ৷ গতিকে তলাবন্ধৰ আগত যিসকল লোকে কৰ্মৰ খাতিৰত পৰিয়ালৰ পৰা আঁতৰি আছিল ৷ সম্প্ৰতি পৰিয়ালৰ লগত থকা সময়ত কাপুৰ এণ্ড চনচ ছবিখন উপভোগ কৰিব পাৰে ৷
৯.অংগ্ৰেজী মিডিয়াম
ডিজনী আৰু হটষ্টাৰ ভিআইপিত উপলব্ধ এখন পৰিয়ালকেন্দিক ছবি হৈছে অংগ্ৰেজী মিডিয়াম ।অলপতে মুক্তি পোৱা ছবিখনত ইৰফান খান আৰু ৰাধিকা মডনে সাৱলীল অভিনয় কৰিছে ৷ কিন্তু অংগ্ৰেজী মিডিয়ামৰ লগতে হিন্দী মিডিয়ামো চাবলৈ নাপাহৰিব আপোনালোকে ৷
১০. দো দুনী চ্চাৰ
নেটফ্লিক্স”ত উপলব্ধ আন এখন জনপ্ৰিয় ছবি হৈছে দো দুনী চ্চাৰ ৷ বাস্তৱ জীৱনত পতি পত্নী ঋষি কাপুৰ আৰু নীতু সিঙে ছবিখনতো পতি পত্নীৰ চৰিত্ৰতেই অভিনয় কৰিছে ৷ যদি আপোনালোকৰ পৰিয়ালত চাৰিচকীয়া নতুন বাহনৰ লোৱাৰ সন্দৰ্ভত আলোচনা হৈ আছে তেন্তে নিশ্চয়কৈ চাওক ছবিখন। কাৰণ পাঞ্জাৱী মধ্যবিত্ত এটা পৰিয়ালত এখন বাহন লোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চিন্তা চৰ্চাসমূহ কমেডীৰ জৰিয়তে দৃশ্যায়ন কৰা হৈছে ৷