তেজপুৰৰ নিকটৱৰ্তী হাড়চুৰা চাহবাগিছাত ৩৫ কেজি ওজনৰ অজগৰ উদ্ধাৰ

tezpur python

তেজপুৰৰ নিকটৱৰ্তী হাড়চুৰা চাহবাগিছাৰ ১৩ নং লাইনৰ সমীপৰ নপামত আজি দিনতে এটা অজগৰক লৈ এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। পুৱা অঞ্চলটোৰ দুগৰাকী মহিলাই এটা পথ অতিক্ৰম কৰা অৱস্থাত ১০ ফুট দৈৰ্ঘৰ অজগৰটো দেখাৰ পাছতেই অঞ্চলটোত হুৱাদুৱা লাগে। ইপিনে, বহুসংখ্যক লোক অজগৰটো চাবলৈ সেই স্থানত উপস্থিত হোৱাৰ পাছতে ইয়াৰে একাংশই অজগৰটো মাৰি ইয়াৰ মঙহ খোৱাৰ পৰিকল্পনা কৰে। এই বিষয়ে জানিব পাৰি স্থানীয় অমৃত চবৰ নামৰ যুৱকজনৰ লগতে আন একাংশ স্থানীয় ৰাইজে হত্যা কৰাত বাধা আৰোপ কৰে।

ইয়াৰ কিছু সময়ৰ পাছতে অজগৰটোৰ উপস্থিতিৰ বিষয়ে স্থানীয় একাংশ বন্যপ্ৰাণী প্ৰেমী লোকে আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ লগতে সৰ্পবন্ধু হিচাপে পৰিচিত তেজপুৰৰ সৌৰভ বৰকটকীক খবৰ দিয়ে। উল্লেখ্য যে, ইতিমধ্যে সেই স্থানত উপস্থিত হোৱা বৰকটকী আৰু পশু চিকিৎসক তীৰ্থ সিং সহ সাংবাদিকে স্থানীয় বন্যপ্ৰেমী সকলৰ সহযোগত অজগৰটো কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আজি কৰায়ত্ত হোৱা প্ৰাপ্তবয়স্ক অজগৰটোৰ ওজন প্ৰায় ৩৫ কিলোগ্ৰাম। ইয়াৰ পিছত আমাৰিবাৰী বনাঞ্চলিক বিষয়াৰ লগতে বনকৰ্মীৰ উপস্থিতিত চিকিৎসক সিঙে অজগৰটোৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু বালিপাৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।

Exit mobile version