মাজুলীত গাহৰি মাংস নিষিদ্ধ কৰিলে প্ৰশাসনে

ASSAM PIG
মাজুলীত গাহৰি মাংস নিষিদ্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷শেহতীয়াকৈ জিলাখনত ছুৱাইন ফ্লু সদৃশ ৰোগত গাহৰিৰ মৃত্যু ঘটাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰমে কৈৰীয়ে জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জিলাখনত গাহৰি মাংস কটা,বিক্ৰী কৰা আৰু খোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।
এই সন্দৰ্ভত জিলা দণ্ডাধীশ গৰাকীয়ে আজি এক জাৰি কৰে ।একেটা আদেশতে জিলা দণ্ডাধীশ কৈৰীয়ে মাজুলী জিলাত নদ নদী,খাল বিল বা মুকলি ঠাইত মৃত গাহৰি পেলোৱাৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছে ৷এতিয়াৰে পৰা জিলাখনৰ কোনো লোকৰ ঘৰত বা ফাৰ্মত গাহৰিৰ মৃত্যু হ’লে,ছফুট দ গাঁত খান্দি এনে মৃত গাহৰি পুতিবলৈ জিলা দণ্ডাধীশ গৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে।
এই নিষেধাজ্ঞা উলংঘকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনে আইন অনুসৰি কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি আদেশটোত স্পষ্ট কৰি দিছে। ইফালে জিলাখনত গাহৰিৰ ৰোগ সন্দৰ্ভত গাহৰিপালকসকলে জিলা পশুপালন বিভাগৰ চিকিৎসকসকলৰ লগত যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে । জিলা প্ৰশাসনৰ নিৰ্দেশত বিভাগটোৱে মাজুলীৰ গাঁৱে গাঁৱে গাহৰিপালকসকলৰ ঘৰলৈ গৈ ছুৱাইন ফ্লু প্ৰতিষেধক প্ৰদানৰ অভিযান অব্যাহত ৰাখিছে ।
Exit mobile version