অসমত কৰ’নাৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা

Screenshot 20200430 165919
অসমত ক’ভিড১৯ ৰ সংক্ৰমণ ৰাজহুৱা স্তৰলৈ বিস্তাৰিত হৈছে নেকি? বঙাইগাঁৱৰ শালমাৰাত আফিয়া তবাছুম নামৰ কিশোৰগৰাকীৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে বৃদ্ধি হৈছে এই আশংকা । এক সংবাদমেলত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত কয়, “ধুবুৰীৰ প্ৰথমজন আক্ৰান্ত হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ আহিছিল ৷ তাৰ সুদীৰ্ঘ ৩৬ দিনৰ পাছত আফিয়াৰ শৰীৰত ক’ভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰে । ইমান দিনৰ পাছত সংক্ৰমণ ধৰা পৰাৰ ফলত সন্দেহ হৈছে যে তেওঁলোকৰ মাজত আক্ৰান্ত কোনোবা ব্যক্তি থাকিব পাৰে যাৰ জৰিয়তে কিশোৰগৰাকীৰ শৰীৰত ভাইৰাছ পোৱা গৈছে। ইয়াৰ পৰা কমিউনিটি পৰ্যায়লৈ ভাইৰাছ সংক্ৰমণৰ আশংকা বাঢ়িছে ।
তদুপৰি মন্ত্ৰীজনে কয় কিশোৰীগৰাকী আছিল হোম কোৱাৰেন্টাইনত। অসমত হোম কোৱাৰেন্টাইনত থকাৰ পিছত ক’ভিড-১৯ ত আক্ৰান্ত হোৱা এইয়াই প্ৰথম ঘটনা । ইফালে হোম কোৱাৰেন্টাইনত থাকিলেও অলপ হ’লেও সমাজৰ লগত সম্পৰ্কত থাকে বুলি আশংকা কৰে মন্ত্ৰী ড° শৰ্মাই । তদুপৰি কিশোৰীগৰাকীৰ পৰিয়ালত আছে ছজন লোক ৷ গতিকে সমগ্ৰ বিষয়টো সুক্ষ্মভাৱে বিবেচনা কৰিবলৈ বঙাইগাঁৱৰ উপায়ুক্তক নিৰ্দেশ দিছে ড° শৰ্মাই । ইয়াৰ বিপৰীতে আনজন আক্ৰান্ত মফিজুদ্দিন আহমেদ চৰকাৰী কোৱাৰেন্টাইন কেন্দ্ৰত আছিল ।
আনহাতে অসমত ক’ভিড১৯  আক্ৰান্ত লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে ৷  আজি নতুনকৈ বঙাইগাঁও জিলাত চাৰি জন লোকৰ মাজত ক’ভিড ১৯ ৰোগ সংক্ৰমণ হোৱা বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | যোৱা ২৮ এপ্ৰিলত বঙাইগাঁও জিলাৰ আফিয়া তাবাছুম নামৰ ষোল্ল বছৰীয়া কিশোৰী গৰাকী ক’ভিড-১৯ ৰোগত আক্ৰান্ত হোৱাৰ পাছত আজি বঙাইগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কভিড ১৯ সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় | ৰাজ্যৰ  ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম সহ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, আৰক্ষী অধীক্ষক সিংহৰাম মিলি সহ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল এই সভাত উপস্থিত থাকে |
ইফালে, বঙাইগাঁও চহৰ অঞ্চলত আজি ক’ভিড-১৯ ৰোগ নিশ্চিত হোৱা সন্দৰ্ভত চাৰি গৰাকী লোকৰ নাম প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | মন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, জিলা খনৰ উত্তৰ শালমাৰা মহকুমাৰ আমগুৰি দ্বিতীয় খণ্ডৰ দীপক মল্লিক (৩২), বঙাইগাওঁ থানাৰ অধীনৰ চাপৰাকাটাৰ অনুপম ঠাকুৰীয়া (১৮), বঙাইগাওঁ বৰপাৰা ছহিদ বেদীৰ ববিতা বাসফোৰ (২৯) আৰু নিউ বঙাইগাঁও ৰে’ল কলনিৰ মীনা বিশ্বকৰ্মা (৬০) ৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে | ক’ভিড ১৯ ৰোগত আক্ৰান্ত লোক সকলৰ ভ্ৰমণৰ কোনো তথ্য পোৱা হোৱা নাই | সম্প্ৰতি বঙাইগাঁও জিলাক ৰেড জ’ন ঘোষণা কৰাৰ লগতে বঙাইগাঁও চহৰ অঞ্চলৰ তিনি আক্ৰান্ত ৰোগীৰ তিনি কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভৌগলিক এলেকা ছীল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
Exit mobile version