তলাবন্ধত স্তব্ধ সকলো, বন্ধ চেলুন, দোকান

IMG 20200501 113951

তলাবন্ধৰ ফলত সকলো গৃহবন্দী হৈ থকাৰ সময়তে দেখা গৈছে এখন ইতিবাচক ছবি। বৰ্তমান কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ এক অস্ত্ৰ হিচাপে পৰিগণিত তলাবন্ধ ভৱিষ্যতৰ সময়বোৰৰ বাবে দেশজুৰি গ্ৰাম্য অৰ্থনীতিৰ বাবে এক আশীৰ্বাদ স্বৰূপ। চুলি-দাড়ি কটা গ্ৰামঞ্চলৰ থলুৱা নাপিতৰ পৰা আৰম্ভ কৰি শাক পাচলি, মাছ-মাংসকে ধৰি গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ বিস্তাৰ কৰা থলুৱা ব্যৱসায়ী সকলৰ সক্ৰিয়তাই এই কথাকে প্রতিপন্ন কৰিছে। নগাঁও জিলাৰ ববিভিন্ন স্থানৰ লগতে কলিয়াবৰৰ প্ৰতিখন গাঁৱতে ঘৰৰ অৰ্থ জোৰা মাৰিবলৈ গাঁৱৰ লোকসকলে নিজ নিজ গাঁৱৰ পৰিসীমাৰ ভিতৰতে থাকি চৰকাৰে বান্ধি দিয়া নীতি নিয়ম সমূহৰ মাজেৰে নিজৰ ঘৰৰ উৎপাদিত শাক পাচলি সমূহ বা নিজৰ পুখুৰীৰ মাছ বিক্ৰী কৰি উপাৰ্জন কৰিছে।

 

অন্যহাতে, তলাবন্ধৰ ফলত চৌপাশে বন্ধ হৈ পৰিছে ৰাজহুৱা চেলুন। এনে সময়তে নিজ গাৱঁৰ লোকসকলৰ ওপৰত ভিত্তি কৰিয়েই বাহিৰালোকৰ সংস্পৰ্শলৈ নহাকৈ বিভিন্ন জনে আৰম্ভ কৰিছে কৃষিকৰ্মৰ। কলিয়াবৰৰ গ্ৰামাঞ্চলত এতিয়া এশ শতাংশ থলুৱা লোকেই জড়িত হৈ পৰিছে অৰ্থনৈতিক কাৰ্য্যৰ লগত । তলাবন্ধৰ ফলত এনে জটিল সময়ছোৱাত গ্ৰামঞ্চলত আৰম্ভ হোৱা থলুৱা দপদপনি যদি অনাগত সময়ত যদি বৰ্তি থাকে তেন্তে গ্ৰাম্য অৰ্থনীতিৰ ৰেখাডাল যে অধিক উৰ্দ্ধিগামী হ’ব সেয়া নিশ্চিত।

Exit mobile version