তলাবন্ধৰ সময়চোৱাত দেশৰ কৃষকসমাজ উপকৃত হোৱাকৈ  ‘কিষাণ সভা এপ’ মুকলি

kisha sobha app
ক’ভিড-১৯য়ে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতিত দেশত অব্যাহত থকা তলাবন্ধৰ সময়চোৱাত কৃষকসকলৰ উৎপাদিত ফচল বজাৰলৈ নিয়া, বীজ আদি ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ সহায়ৰ প্ৰয়োজন হৈছে। সময়ত উৎপাদিত ফচলসমূহ উচিত মূল্যত বিক্ৰী কৰাৰ বাবে ব্যাপক যোগান ব্যৱস্থাপনাৰো এইমুহূৰ্তত জৰুৰী প্ৰয়োজনীয়তা আছে। এই সংক্ৰান্তত ‘চিএছআইআৰ’-ৰ ‘চেণ্ট্ৰেল ৰোড ৰিছাৰ্চ ইনষ্টিটিউট’ (চিআৰআৰআই)য়ে কৃষক, যোগান-শৃংখল আৰু পৰিবহণ প্ৰবন্ধন ব্যৱস্থাক সংযুক্ত কৰিব পৰাকে বিকশিত কৰা ‘কিষাণ সভা এপ’ শীৰ্ষক অনলাইন এপ্লিকেশ্যনটো শনিবাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে।
দূৰ-সংযোগ ব্যৱস্থাৰে ‘এপ’-টো মুকলি কৰে ‘আইচিএআৰ’-ৰ মহা নিৰ্দেশক আৰু ‘ডিএআৰই’-ৰ সচিব ড০ ত্ৰিলোচন মহাপাত্ৰই। ড০ মহাপাত্ৰই কৃষক, পৰিবহণ কৰোতা আৰু কৃষি উদ্যোগৰ স’তে বিভিন্ন ধৰণে জড়িত হৈ থকা সংশ্লিষ্ট পক্ষসমূহৰ বাবে একেটা মঞ্চতে সমাধান সূত্ৰ আগবঢ়াব পৰা এই প’ৰ্টেলটো বিকশিত কৰাৰ বাবে ‘চিআৰআৰআই’ক ভূয়সী প্ৰশংসা কৰে। প্ৰসংগক্ৰমে তেওঁ ‘চিআৰআৰআই’-ৰ স’তে ‘আইচিএআৰ’-য়ে একেলগে বহু কাম কৰিব পাৰে বুলি মন্তব্য কৰি ‘কৃষি বিজ্ঞান কেন্দ্ৰ’সমূহৰ জৰিয়তে ইয়াৰ ৰূপায়ণৰো দিহা কৰিব পৰা যাব বুলি উল্লেখ কৰে। উল্লেখ্য যে ‘কিষাণ সভা’ত ছটা ভাগ থাকিব। এই ভাগসমূহ হ’ল-‘কৃষকৰ সুৰক্ষা’, ‘বজাৰৰ বিক্ৰেতা’, ‘পৰিবহণকাৰী’, ‘বজাৰ পৰিষদৰ সদস্য’, ‘সেৱা যোগানধৰোতা’ আৰু ‘গ্ৰাহক’।
Exit mobile version