সকলো নীতি-নিৰ্দেশনা মানি নগাঁৱত তলাবন্ধৰ মাজতে সম্পন্ন হ’ল বিবাহ

IMG 20200503 WA0007

এগৰাকী ৰুগীয়া মাতৃৰ আকুল আহ্বানক উপেক্ষা কৰিব নোৱাৰি মাতৃৰ ইচ্ছা পূৰণৰ বাবেই তলাবনৰ মাজতে নগাঁৱত অনুষ্ঠিত কৰা হ’ল এখন বিশেষ বিয়া।অৱশ্যে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষীৰ অনুমতি সাপেক্ষে সামাজিক দূৰত্ব বৰ্তাই ৰাখি, স্বাস্থ্য বিধি মানি চলিয়েই সম্পাদন কৰা হয় বিয়া খন । মাত্ৰ ন গৰাকী বৰযাত্ৰীক লগত নি আজি দিনৰ ভাগতেই সম্পন্ন কৰা হয় বিয়া খন । চৰম বিভীষিকাময় পৰিস্থিতিৰ মাজতেই ভয় আৰু শংকাৰ মাজেৰে হোমৰ জুইক সাক্ষী কৰি আজি যুগ্ম জীৱনৰ পাতনি মেলিলে চকৰিগাঁৱৰ মিণ্টুমণি বৰা আৰু নগাঁও চহৰৰ সমীপৰ বিষ্ণু নগৰ কহুৱাতলিৰ কংকনা শইকীয়াই ।

 

উল্লেখ্য যে, ছমাহ পূৰ্বেই মিন্টুমণি আৰু কংকনাৰ পৰিয়ালৰ অনুমতি সাপেক্ষে তেওঁলোকৰ বিয়া খনৰ তাৰিখ ব’হাগ মাহৰ ২০ অৰ্থাৎ ৩ মে’ত নিৰ্ধাৰণ কৰা হৈছিল ৷ দুয়োখন ঘৰৰেই প্ৰৱল ইচ্ছা আছিল বিয়া খন ধূমধামেৰে অনুষ্ঠিত কৰা ৷ কিন্তু কৰ’না মহামাৰীৰ বাবে দেশজুৰি বলবৎ হৈ থকা তলাবন্ধই তেওঁলোকৰ পৰিকল্পনাত আউল লগায়।তৎসত্বেও একমাত্ৰ মিন্টুমণিৰ ৰুগীয়া মাতৃৰ ইচ্ছা পূৰণ কৰি আৰু জ্যোতিষীৰ পৰামৰ্শ অনুসৰি নিৰ্ধাৰণ কৰি থোৱা ব’হাগ মাহৰ আজিৰ এই দিনটোতে সম্পন্ন কৰা হ’ল এই শুভ কৰ্ম । তলাবন্ধৰ মাজতো বিভাগীয় অনুমতি লৈ সামাজিক দূৰত্ব বৰ্তাই তথা স্বাস্থ্য বিধি মানি সম্পন্ন হয় মিন্টুমণি আৰু কংকনাৰ বিবাহ ।

 

আনহাতে আজি দিনৰ ভাগতেই হোম যজ্ঞৰে সম্পাদন কৰা এই বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দৰাৰ সৈতে মাত্ৰ ন গৰাকী লোকহে আহিছিল।প্ৰত্যেকেই মানি চলিছিল সামাজিক দুৰত্বৰ চৰকাৰী নিৰ্দেশনা।ৰভাৰ তলত কইণা ঘৰৰো মাত্ৰ ন গৰাকী লোকহে উপস্থিত থাকে।প্ৰত্যেকেই পৰিধান কৰিছিল মাস্ক।কইনা ঘৰৰ লোকসকল,বৰযাত্ৰী সকলৰ উপৰিও দৰা আৰু কইনা উভয়ে মুখত মাস্ক পৰিধান কৰি হোমৰ জুইৰ কাষত বহে।আনকি দুয়ো মানি চলে সামাজিক দুৰত্বৰ নিৰ্দেশনা। ইপিনে, তলাবন্ধ আৰু কৰ’না ভাইৰাছৰ আতংকৰ মাজতে সীমিত পৰিসৰত অনুষ্ঠিত হোৱা বিবাহৰ কইনা ঘৰত নিয়মমাফিকভাৱে চলিল অভ্যৰ্থনাও । যথাৰীতি অনুসৰিয়েই সম্পন্ন হয় এই বিবাহ । তলাবন্ধৰ বাবে অতি কম সংখ্যক লোকৰ উপস্থিতিত সম্পন্ন হোৱা এই বিবাহে বিশেষ চৰ্চা লাভ কৰিছে নগাঁৱত ।

Exit mobile version