লুটি নিলে নগদ টকাসহ লক্ষাধিক মূল্যৰ সম্পত্তি
গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষী চকীৰ অধীনস্থ তেলগৰমৰ সমীপৰ আমলখিতলৰ এটা পৰিয়ালৰ বাসগৃহত সোমবাৰে নিশা সান্ধ্য আইনৰ মাজতে সংঘটিত হয় চুৰি কাণ্ড ।
ঘটনা অনুসৰি সোমবাৰে নিশা মণি আলী আৰু তেওঁৰ পত্নী ৰীতামণি দাস ঘৰত নথকাৰ সুযোগ লৈ চোৰে নগদ ২৭ হাজাৰ টকা সহ ৰূপৰ চেইন,পাটৰ মেখেলা পাঁচ যোৰ,মুগাৰ ৪ যোৰ,সোণৰ চেইন,ফুলি আৰু ডি টি এইচ টিভিৰ লগতে লক্ষাধিক টকাৰ মূল্যৰ সম্পত্তি লৈ উধাও হয়।
লগতে চোৰে সা সম্পত্তি লুটি নিয়াতেই ক্ষান্ত নাথাকি ৰীতামণি দাসৰ পাকঘৰতো বিলাতী সুৰাৰ বটল আৰু মাংসৰ সোৱাদো লয়।
মংগলবাৰে পুৱা এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নুমলীগড় আৰক্ষী চকীত ৰিতামণি দাসে এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ।