ভাৰতত কৰ’নাৰ তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ ক্ষেত্ৰত চৰকাৰী ভাৱে ঘোষিত যি নিয়মাৱলী, তাৰে এটা দফাৰ সন্দৰ্ভত আপত্তি দৰ্শাব খুজিছো। গ্ৰীণ জ’ন বোৰত সকলো খোলা, কিন্তু এনে গ্ৰীণ জনতো ৬৫ বছৰৰ ওপৰৰ মানুহ কোনো কাৰণত বাহিৰ ওলাব নোৱাৰিব। বয়সত মই নিজে এতিয়া ৮০ বছৰ অতিক্ৰম কৰিছো। মই অনুভৱ কৰো শাৰিৰীক ভাৱে আৰু মানসিকভাৱে মই সকলো কথাতে সুস্থ আৰু সক্ষম। তথাপি মই কিয় কোনো কথাতে বাহিৰ ওলাব নোৱাৰো?
এৰাব নোৱাৰা কাৰণতো বাহিৰলৈ যোৱাৰ মোৰ কিয় স্বাধীনতা নাই? অৱশ্যে বাহিৰলৈ ওলাবৰ বাবে যিবোৰ চৰকাৰী নীতি-নিয়ম, তাক মই আখৰে আখৰে পালন কৰিব লাগিব। সেইবোৰ মই সদায় মানো আৰু মানিব লাগিব। কিয় ৬৫ বছৰৰ ওপৰ লোক বুলি আমাক চৰকাৰে হীন-ডেঢ়ি কৰিলে ? সহজ কথাত ই আমাৰ মংগলৰ কাৰণেই বুলিও জানো। কিন্তু ই অৱধাৰিত সত্যওতো নহয় যে ৬৫ বছৰৰ ওপৰ লোকসকলহে এই ৰোগত আক্ৰান্ত হয়, তাৰ তলৰবোৰ নহয়।
এই নিৰ্দেশনাৰ দ্বাৰা চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলক অৱমাননা কৰিছে। তেওঁলোকৰ যেন নিজৰে ভাল-বেয়াৰ প্ৰতিও কোনো সজাগতা নাই। গতিকে চৰকাৰী নীতি-নিয়মৰ মাজেদিহে এই সময়ত তেঁওলোকক আবদ্ধ কৰি তেঁওলোকক আৰু দেশক ৰক্ষা কৰিব লাগিব। অথচ জ্যেষ্ঠ নাগৰিকসকলক জ্ঞানী লোক বুলিহে মনা হয়। সমাজতো আৰু চৰকাৰৰ দৃষ্টিতো। এটা সময় আছিল, যেতিয়া ৬০ বছৰৰ ওপৰৰ লোকসকল বুঢ়া মানুহ বুলি অকৰা, অকামিলা, অক্ষম বুলি ভবা হৈছিল।
তেওঁলোকৰ পৰা কোনো কাম তেওঁলোকৰ ঘৰেও আৰু সমাজেও আশা কৰা নাছিল। সেই যুগৰটো এতিয়া অন্ত পৰিছে। সমাজতো এনে ধাৰণাৰ অন্ত পেলাবলৈ গোটেই বিশ্বতে বয়সস্থ মানুহক বুঢ়া-বুঢ়ী বোলাৰ পৰিৱৰ্তে জ্যেষ্ঠ নাগৰিক বুলিবলৈ লোৱা হৈছে। ইয়াৰ পিছপিনেওটো বিভিন্ন দেশৰ চৰকাৰবোৰেই আছে। কাৰণ চৰকাৰবোৰেও এতিয়া জানে যে জ্যেষ্ঠ নাগৰিকসকলৰ পৰাও সমাজে আৰু দেশে পাব পৰা সেৱা বহুত আছে। অথচ চৰকাৰে নিৰ্দেশনা জাৰি কৰিলে যে কোনো কাৰণতে তেওঁলোক এতিয়া বাহিৰ ওলাব নোৱাৰিব।
কিন্তু সকলো জ্যেষ্ঠ নাগৰিকে পৰিয়ালত তেওঁলোকক সহায়ৰ বাবে বাহিৰলৈ যাবলৈ ৬৫ বছৰৰ তলৰ উপযুক্ত লোক আছেনে? সকলো কামতো সকলোকে পাচিবও নোৱাৰি। নিৰূপায় হৈ ওলাব লাগিলে এই জেষ্ঠ নাগৰিকসকলৰ কি অৱস্থা হ’ব? পুলিচৰ লাঠিৰ কোব অথবা শাৰীৰিক শাস্তি ৰাজপথতেই ! কাৰণ এয়া তেওঁলোকে চৰকাৰী নিৰ্দেশনা ভংগ কৰিছে। তাৰ সলনি যদি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এখন উপদেশ নামা জাৰি কৰিলেহেঁতেন আৰু পুলিচে তেওঁলোকক বাটত দেখিলে কি জৰুৰী কামত ওলাইছে তাৰ বিচাৰ কৰাৰ নিৰ্দেশনা পুলিচক দিলেহেঁতেন, তেতিয়াহ’লে জ্যেষ্ঠ নাগৰিকৰ উপকাৰ সাধন কৰা হ’লহেতেন।
ইতিমধ্যে ‘দৈনিক অগ্ৰদূত’ কাকতত পঢ়িবলৈ পালো যে চৰকাৰৰ প্ৰশাসনৰ ব্যুৰ’ক্ৰেটসকলক নীতি-নিৰ্দেশনাৰ মাত্ৰা ইমান চৰিছে যে সেইবোৰৰ মকৰাজালত সাধাৰণ মানুহৰ দিকবিদিক জ্ঞান হেৰাইছে। নীতি-নিৰ্দেশনাৰ মাত্ৰা যাতে ইমান নাবাঢ়ে আৰু সহজ সৰল হয়, তালৈকেও যেন আমাৰ চৰকাৰে চায়। বৰ্তমানৰ নিৰ্দেশনাৰ জ্যেষ্ঠ নাগৰিক হ’লে তেঁওলোকক বাহিৰলৈ ওলাব নোৱাৰা দফাটোও তেনে এক জটিলতাৰো এটা উদাহৰণ।