ওদালগুৰিত দুটাকৈ ঘটনাক লৈ কৰ’নাৰ আতংক

coronavaccine

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এগৰাকী ৰোগীৰ মৃত্যুক লৈ ওদালগুৰিত যোৱা নিশাৰে পৰা তীব্ৰ আতংক‌ই বিৰাজ কৰে। ছ’চিয়েল মিডিয়া যোগে ওদালগুৰিত কৰ’নাৰ আক্ৰান্তৰ খবৰ একাংশ‌ই বিয়পোৱাৰ পাছতে স্বাভাৱিকতে সমগ্ৰ ওদালগুৰি চহৰৰ লগতে সমীপৱৰ্তী হৰিশিঙা, ৰৌতা আদি অঞ্চলত কৰ’নাৰ আতংক‌ই বিৰাজ কৰে। বাতৰিটোৰ সত্যসত্যতা নিৰূপণৰ বাবে সাংবাদিকে চলোৱা অভিযানত প্ৰকৃত ঘটনা পোহৰলৈ আহে। এই সন্দৰ্ভত ঘটনাৰ উৎপত্তিস্থল ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জংগলবড়ী গাওঁৰ স্থানীয় লোকে জানিবলৈ দি কয় যে গাওঁখনৰ কমলা দেৱী নামৰ এগৰাকী মহিলা চৰ্ম ৰোগত আক্ৰান্ত হৈছিল । প্ৰথমাৱস্থাত গাওঁলীয়া চিকিৎসাৰে মহিলাগৰাকীয়ে ৰোগবিধৰ চিকিৎসা কৰাইছিল যদিও সুস্থ হৈ নুঠাত পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসাধীন হৈ থকা অৱস্থাত মহিলাগৰাকীৰ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত মৃত্যু হয়।

মহিলাগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকে ওদালগুৰিৰ নিজ বাসগৃহলৈ আনি সৎকাৰ কৰা হয়। ইয়াৰ পাছতে ওদালগুৰিত একপ্ৰকাৰ আতংক‌ৰ সৃষ্টি হয়। মহিলাগৰাকী কৰ’নাত আক্ৰান্ত হোৱা বুলি খবৰ বিয়পি পৰাত চহৰখনৰ ৰাইজৰ মাজত হাহাকাৰ লাগে । এই খবৰ লাভ কৰাৰ লগে লগে যোৱা নিশা ওদালগুৰি স্বাস্থ্য বিভাগৰ এটা দল গাওঁখনলৈ গৈ মৃত মহিলাগৰাকীৰ পৰিয়ালৰ চাৰিগৰাকী পুৰুষসহ দুই মহিলাক হৰিশিঙা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰি কোৱাৰেণ্টাইনত ৰাখে।

ইফালে ওদালগুৰি স্বাস্থ্য বিভাগৰ এক সূত্ৰ‌ই সাংবাদিকক জানিবলৈ দি কয় যে মহিলাগৰাকী চৰ্মৰোগত আক্ৰান্ত হৈ আছিল ।  ইপিনে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী কৰ্তব্যৰত চিকিৎসকৰ দেহত মাৰাত্মক কৰ’না ভাইৰাছৰ অৱস্থিতি পোৱা হেতুকে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষককে ধৰি সকলোকে কোৱাৰেণ্টাইন কৰা হৈছে। সেয়েহে উক্ত চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলকো কোৱাৰেণ্টাইন কৰা হৈছে। এই কোৱাৰেণ্টাইন কৰা  লোকসকলৰ নাম হৈছে হৰিভক্ত ধুংগানা, দামোদৰ ধুংগানা, বেদপ্ৰকাশ ধুংগানা, সোমনাথ ধুংগানা। ইয়াৰ লগতে পৰিয়ালৰ আন দুগৰাকী মহিলাক কোৱাৰেণ্টাইন কৰা হৈছে । স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে সাংবাদিকক জনোৱা মতে পৰিয়ালৰ লোকসকলৰ দেহত এইপৰ্যন্ত নাই কৰ’নাৰ লক্ষণ । অৱশ্যে মৃত মহিলা গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণো এই মূহুৰ্তলৈ স্পষ্ট হোৱা নাই।

ইফালে জিলাখনৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড়, বেলতলা অঞ্চলতো যোৱা নিশা কৰ’নাৰ আতংক‌ই বিৰাজ কৰে। প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ আজিম আলী নামৰ প্ৰায় ৫৫ বছৰীয়া লোক এজনে বিগত ২৯ এপ্ৰিল তাৰিখে পশ্চিম বংগৰ পৰা সামগ্ৰী কঢ়িওৱা গাড়ীৰে গোপনে বৰপেটাৰ এঘৰ সম্পৰ্কীয় লোকৰ ঘৰলৈ আহে পাছত তেখেতে চাইকেলেৰে বৰপেটাৰ পৰা মঙ্গলদৈ, কলাইগাওঁ হৈ যোৱাকালি সন্ধিয়া ওদালগুৰিৰ বেলতলাস্থিত নিজৰ ঘৰত উপস্থিত হয়। ইয়াৰ পাছত স্থানীয় লোকে বহুদিনৰ পিছত তেওঁক দেখি ক’ৰ পৰা কেনেকৈ আহিল বুলি প্ৰশ্ন কৰাত সকলো তথ্য পোহৰলৈ আহে । তাৰ পাছত বিষয়টো স্বাস্থ্য বিভাগ তথা আৰক্ষীক অৱগত কৰাৰ পাছত লোকজনক হৰিশিঙা আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কক্ষলৈ লৈ যায়। সমান্তৰালভাৱে লোকজনৰ পৰিয়ালক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে । ইতিমধ্যে লোকজনৰ শৰীৰত কোনো কৰ’নাৰ লক্ষণ দেখা পোৱা নাই যদিও দুয়োটা ঘটনাৰ সৈতে জড়িত  কোৱাৰেণ্টাইনত থকা ৭ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । স্বাস্থ্য বিভাগে এই সন্দৰ্ভত কয় যে তেজৰ ফলাফল অহাৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ।

Exit mobile version