সময় বাগৰাৰ লগে লগে দেশৰ অৰ্থনীতি মন্দাৱস্থাৰ ছাঁ অধিক গভীৰ হৈছে ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ তলাবন্ধৰ ম্যাদ দীঘলীয়া হোৱাত আৰ্থিক বৃদ্ধিৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা বাঢ়িছে । বিভিন্ন সমীক্ষা সংস্থাই দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ অতি দুৰ্দশাগ্ৰস্ত হ’ব বুলি ভয়াৱহ আগজাননী দিছে ৷ আগশাৰীৰ অৰ্থনৈতিক সমীক্ষা সংস্থা মুডিজৰ মতে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ সম্ভাব্য মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ শূণ্য শতাংশ। অৰ্থাৎ এই পূৰ্বাভাস মতে এই বছৰ দেশত কোনো আৰ্থিক বৃদ্ধি নহ’ব। অৱশ্যে ২০১১-২০১২ বিত্তীয় বৰ্ষৰ পৰা পুনৰ অৰ্থনৈতিক বৃদ্ধিৰ গতিৰ পুনৰুত্থান হ’ব পাৰে । আৰু ২০২২-২০২৩ ত স্থিতাৱস্থা উভতি আহিব পাৰে বুলি ইংগিত দিয়ে ৷
মুডিজৰ এক পূৰ্বৰ সমীক্ষা মতে,ৰাজকোষৰ ঘাটি ২০২১ত ৩.৫ শতাংশ হ’ব পাৰে বুলি কোৱা হৈছিল । এইবাৰ সমীক্ষাত সেই ঘাটি অধিক বৃদ্ধি হৈ ৫.৫ শতাংশ হ’ব পাৰে বুলি মুডিজৰ প্ৰতিবেদনত কোৱা হৈছে ৷ প্ৰতিবেদনৰ মতে”ক’ভিড ১৯ ৰ প্ৰকোপত স্থিতিশীল অৰ্থনৈতিক অৱস্থা উল্লেখযোগ্যভাৱে হ্ৰাস পাব পাৰে” ৷ অৱশ্যে ২০২২-২৩ বিত্তীয় বৰ্ষত জি ডি পিৰ বৃদ্ধিৰ হাৰ ৬.৬ শতাংশ হ’ব পাৰে বুলি সমীক্ষাত কোৱা হৈছে ৷ সমীক্ষক সংস্থাটোৰ মতে, গ্ৰাম্য অৰ্থনীতিত দীৰ্ঘস্থায়ী চাপ খুব কমসংখ্যক কৰ্মসংস্থান সৃষ্টি আৰু সাম্প্ৰতিক বিত্তীয় প্ৰতিষ্ঠানসমূহত নগদ ধনৰ যোগান হ্ৰাস পোৱাত অৰ্থনীতি অধিক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । অৰ্থাৎ দীঘলীয়া তলাবন্ধৰ ফলত শিল্প উৎপাদনৰ ঘাটি,শ্ৰমিক শ্ৰেণীৰ উপাৰ্জন প্ৰায় শূন্যলৈ নামি অহা, নিবনুৱা সংখ্যা বৃদ্ধি, বেংক তথা অন্যান্য আৰ্থিক প্ৰতিষ্ঠানসমূহৰ হাতত নগদ ধনৰ অভাৱ আদি বিভিন্ন কাৰক দাঙি ধৰিছে এই প্ৰতিবেদনে । অধিক দুৰ্দশাৰ ইংগিত দি মুডিছে কয় যে আৰ্থিক বৃদ্ধিৰ হাৰ আশানুৰূপ হোৱা নাই । চৰকাৰে বিপুল ঘাটি বাজেট কৰিব লাগিব আৰু তাৰ ফলত চৰকাৰৰ দেনা বাঢ়িব। ফলত ৰাজকোষৰ অৱস্থা আৰু কৰুণ হ’ব ৷