বৰভাগ ৰাজহ চক্ৰ তথা ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিচমৎ গাঁঁৱৰ বাবুল কলিতাৰ বোৱাৰী জুনুমণি কলিতাই তেওঁৰ স্বামীসহ দুই যমজ সন্তানক লগত লৈ শনিবাৰে সন্ধিয়া গাওঁখনৰ নিজ বাসভৱনত উপস্থিত হৈ পুনৰ আজি কৰ্মস্থান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উভতি অহা কাৰ্যই সকলোকে আচম্বিত কৰি তুলিছে | উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত জুনুমণি কলিতা নামৰ ষ্টাফ নাৰ্চগৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ হোম কোৱাৰেন্টাইনক অৱজ্ঞা কৰি দেওবাৰে গুৱাহাটীলৈ ওভতি যোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
বিশ্বজুৰি সন্ত্ৰাস সৃষ্টিকাৰী ক’ভিড-১৯ ভাইৰাছ সংক্ৰমণৰ ফলত ৰাজ্যখনৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটী মহানগৰী তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কো স্পৰ্শ কৰাৰ পাছত সকলো কৰ্মচাৰীকে পৰ্যায়ক্ৰমে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে উক্ত চিকিৎসালয়খনত ষ্টাফ নাৰ্চ হিচাপে কৰ্মৰত কিচমৎ গাৱঁৰ বোৱাৰী জুনুমণি কলিতাই তেওঁৰ স্বামীসহ দুই যমজ সন্তানক লগত লৈ শনিবাৰে সন্ধিয়া গাওঁখনৰ নিজ বাসভৱনত উপস্থিত হয় ৷ দুই সন্তানৰ লগত দম্পতীহাল গৃহত উপস্থিত হোৱা খবৰে স্থানীয় আশাকৰ্মী আৰু একাংশ ৰাইজে স্থানীয় স্বাস্থ্য কেন্দ্ৰৰ লগতে ঘগ্ৰাপাৰ আৰক্ষী থানাত বিষয়টো অৱগত কৰে ৷
আশাকৰ্মীৰ খবৰৰ ভিত্তিত দেওবাৰে পুৱাই ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ এটা আৰক্ষীৰ দল বাবুল কলিতাৰ গৃহত উপস্থিত হৈ নাৰ্চগৰাকীৰ সাক্ষাৎ কৰি ঘগ্ৰাপাৰ পিএইচচিৰ স্বাস্থ্যকৰ্মীৰ দলে স্থানীয় সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকৰ সহযোগত তেওঁলোকৰ পৰিয়ালক হোম কোৱাৰেন্টাইন কৰে ৷ কিন্তু দুৰ্ভাগ্যৰ কথা যে কোৱাৰেন্টাইন কৰি যোৱাৰ পিচ মুহূৰ্ততে নাৰ্চগৰাকীয়ে কৰ্তব্যৰ দোহাই দি বিভাগীয় নির্দেশ অমান্য কৰি স্বামীসহ গুৱাহাটী অভিমুখে যাত্ৰা কৰে ৷ যিসময়ত স্বাস্থ্য কৰ্মীসকলে দিন-ৰাতি একাকাৰ কৰি কৰ’না প্ৰতিৰোধৰ বাবে অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে আৰু চিকিৎসকসকল কোৱাৰেন্টাইনত থাকিব লগা হৈছে, সেইসময়ত এগৰাকী ষ্টাফ নাৰ্চে বিভাগৰ কোৱাৰেন্টাইনক এনেদৰে উলংঘা কৰা কাৰ্যই সকলোকে আচম্বিত কৰি তুলিছে ৷