চিৰাঙত কৃষকৰ হাহাকাৰ অৱস্থা

IMG 20200511 WA0055

যিসময়ত দেশত নিবনুৱা সমস্যা প্ৰতিদিনে বৃদ্ধি পাইছে তেনে সময়তে চিৰাং জিলাত এজন শিক্ষক ব্যস্ত হৈ পৰিছে কৃষি কাৰ্যত ৷ কিন্তু কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে দেশৰ অন্যান্য কৃষকৰ দৰে ভীষণ সমস্যাত পৰিছে বেংতল জিলাৰ  উচ্চ শিক্ষিত কৃষক ফৰমান আলী আহমেদ । অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক ফৰমান আলীয়ে পৰিয়াল পোহপাল দিয়াৰ কাৰণে নিজৰ ১৫ বিঘা মাটিত বিধে বিধে পাচলি খেতি কৰিছিল ৷ ধাৰ -ঋণ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা  ৮ /১০ প্ৰকাৰৰ পাচলি খেতি পথাৰতে গেলি নষ্ট হৈ পৰিছে ৷ কাৰণ তলাবন্ধৰ কাৰণে নাই বিক্ৰীৰ সু ব্যৱস্থা ।

ৰমজান মাহৰ ৰোজা ৰাখি এই প্ৰখৰ ৰ’দত ঘৰে ঘৰে গৈ পাচলি বিক্ৰী কৰাটোও সম্ভৱ নহয় । ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগে কৃষকসকলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিলেও তাৰ পৰা এইসকল প্ৰকৃত কৃষকে কি পালে সেয়াও হ’ব ৰহস্যজনক । প্ৰকৃত কৃষকৰ ঠাইত ভূৱা কৃষকেহে চৰকাৰী সুবিধা লাভ কৰিছে ৷ সেয়ে ফৰমান আলীয়ে কয় যে চৰকাৰে যদি কৃষকসকলৰ বাবে কোনো সঠিক আঁচনি গ্ৰহণ কৰি কৃষকসকলক ৰক্ষাৰ চেষ্টা নকৰে তেন্তে আত্মহত্যা কৰাৰ বাহিৰে কৃষকসকলৰ আৰু কোনো উপায় নাথাকিব । কৃষকসকলৰ কাৰণে কৰা চৰকাৰৰ ঘোষণাও বাস্তৱত ৰূপায়িত নহ’ল । লগতে ১৯৯৩, ২০১২ আৰু ২০১৪ ৰ গোষ্ঠী সংঘৰ্ষৰ বলি এইসকল লোক ৷ বহুবাৰ সৰ্বহাৰা হোৱা এইসকল লোক এতিয়াও ক্ষতিগ্ৰস্ত হৈয়ে আছে। চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই এইসকল কৃষকৰ সুৰক্ষাৰ বাবে ৷

Exit mobile version