কৰ’না প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ শেষৰ সপ্তাহত প্ৰবেশ কৰিছে ভাৰতে, কিন্তু দেশৰ বিভিন্ন ৰাজ্যত অদ্যাপি এই ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে । ইয়াৰ মাজতে সুদীৰ্ঘ ৫০ দিনৰ মূৰত ভাৰতীয় ৰেলে যাত্ৰীবাহী ৰেলগাড়ীৰ যাত্ৰা পৰ্যায়ক্ৰমে আৰম্ভ কৰিবলৈ আগবাঢ়িছে । প্ৰথম পৰ্যায়ত অহা ১২ মে’ত অহা আৰু যোৱাৰ পথত ১৫ খন ৰেল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
ইপিনে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰে যে যোৱা ২৪ ঘন্টাত প্ৰথমবাৰৰ বাবে সৰ্বাধিক আক্ৰান্ত সুস্থ হৈ উঠিছে । দেশৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ থকা তেনে লোকৰ সংখ্যা হ’ল ১৫১১ জন । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা° হৰ্ষবৰ্ধনে লগতে সদৰী কৰে যে যোৱা ২৪ ঘন্টাত ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এজনো লোক কৰ’নাত আক্ৰান্ত হোৱা নাই । আনহাতে,সুস্থ হৈ উঠা লোকৰ হাৰো ৩০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্যবোৰে বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিকক ঘূৰাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷
ইয়াৰ ফলত ৰাজ্যবোৰত আকস্মিকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা । ইয়াৰ মাজতে দেওবাৰে দিল্লীত আক্ৰান্তৰ সংখ্যাৰে দিল্লীক চেৰ পেলাই মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ পাছতে তৃতীয় স্থানত থাকে তামিলনাডু ৷ ৰাজ্যখনত ৰাজধানী চেন্নাইৰ কোয়েমবেডুত থকা ফলমূল আৰু পাচলিৰ এখন পাইকাৰী বজাৰৰ লগত সম্পৰ্ক থকা ডেৰহাজাৰ আক্ৰান্তৰ তথ্য যোৱা ২৪ ঘন্টাত পোহৰলৈ আহে। ইয়াৰ পিছতে কোয়েমবেডুক হটস্পট ঘোষণা কৰা হয়।