১. আৰম্ভ হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক । এই বৈঠক হ’ব নিশা আঠ বজালৈকে ।
২. ১৭ মে’ত অন্ত পৰিবলগীয়া তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ প্ৰাকমুহূৰ্তত হোৱা এই মতবিনিময়ত প্ৰবাসী মজদুৰ,কৰ’না মহামাৰীৰ কাৰণে স্থবিৰ হৈ পৰা আৰ্থিক স্থিতিৰ সন্দৰ্ভত আলোচনা ৷
৩. প্ৰধানমন্ত্ৰীয়ে কয় “বিভিন্ন ৰাজ্যত থকা লোকসকলক মই কৈছিলো যে আপোনালোক য’তেই আছে তাতেই থাকক ৷ কিন্তু সকলোকে ঘৰলৈ আহিবলৈ লাগে। অৱশ্যে এইয়া মানুহৰ স্বাভাৱিক প্ৰবৃত্তি ।”
৪. আমি আমাৰ সিদ্ধান্ত পৰিৱৰ্তন কৰি সকলো লোকক নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰিছো ৷ সম্প্ৰতি আমাৰ বৃহৎ প্ৰত্যাহ্বান যে বহিঃৰাজ্যত থকা লোকসকলৰ পৰা যাতে কৰ’নাৰ সংক্ৰমণ বাঢ়ি নাযায় । এই মন্তব্য নৰেন্দ্ৰ মোডীৰ।
৪. বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰীসকলৰ স’তে বাৰ্তালাপ কৰি আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিবলৈ লগতে কৰ’নাৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিবলৈ কয় ৷ কাৰণ আৰোগ্য সেতুৰ জৰিয়তে কৰ’নাৰ ভাইৰাছৰ ক্ষেত্ৰত সহায় হ’ব ।
৫. বৈঠকত ৰাজ্যসমূহত কৰ’না ভাইৰাছৰ সংক্ৰমণলৈ লক্ষ্য কৰি গ্ৰীণ, ৰেড আৰু অৰেঞ্জ জ’নত ভাগ কৰাৰ সন্দৰ্ভত চৰ্চা হয়।
৬. বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰতো চিন্তা ব্যক্ত কৰে বহু ৰাজ্যই। এই লোকসকলৰ কাৰণে ৰাজ্যত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। গতিকে অনতিপলমে গ্ৰীণ জ’নত থকা ৰাজ্যসমূহ ৰেড জ’নলৈ পৰিৱৰ্তন হ’ব ।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰ ২৫ মাৰ্চত তলাবন্ধৰ ঘোষণা কৰিছিল। ১৪ এপ্ৰিলত অন্ত পৰিবলগীয়া এই তলাবন্ধৰ ম্যাদ আছিল ২১ দিনৰ কাৰণে ৷ ইয়াৰ পিছত দ্বিতীয় বাৰ তলাবন্ধ ১৯ দিনলৈ বৃদ্ধি কৰে । তিন মে’ত অন্ত পৰিব লগা তলাবন্ধ আকৌ ১৪ দিন বৃদ্ধি কৰে । গতিকে দেশত তৃতীয় পৰ্যায়ৰ তলাবন্ধ অন্ত পৰিব ১৭ মে’ত ৷ ইফালে তলাবন্ধৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত চাৰিবাৰ ভিডিঅ’ কনফাৰেন্স কৰে ৷ মোদীয়ে ২০ মাৰ্চ, ২ , ১১ আৰু ২৭ এপ্ৰিলত ভিডিঅ’ কনফাৰেন্সৰ যোগেদি মুখ্যমন্ত্ৰীসকলৰ স’তে বৈঠক কৰিছিল ।