ধেমাজিত জীয়াধল নদীৰ গতিপথ সলনি কৰাৰ প্রয়াস দুইকোটিৰ আঁচনি ৰূপায়ণৰ যো-জা

jiyadhol

ধেমাজিৰ চকুলো জীয়াধল নদীয়ে ২০১৮ চনৰ পৰা গতিপথ সলনি কৰি দুটা সুঁতি হৈ পৰে । তাৰে এটা সুঁতিৰ পানী তিনিঘৰীয়া হৈ ভজুগাঁৱেৰে গৈ পশ্চিম ধেমাজিৰ জীয়াধল, হাতীগড়, চমাৰজান আৰু বাটঘৰীয়া গাওঁ পঞ্চায়তৰ ৬০ খনকৈ গাওঁত প্রতিবছৰে বানৰ সৃষ্টি কৰি আহিছে ।

জীয়াধল নদীক পুনৰ নিজা সুঁতিলৈ বোৱাই নিবৰ বাবে অসম চৰকাৰে দুইকোটি টকা আৱণ্টন দিছে | এই আঁচনি ৰূপায়নৰ বাবে ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু, জলসম্পদ বিভাগৰ লখিমপুৰ চক্রৰ অধীক্ষক অভিযন্তা সমীৰন ডেকা সহ বিষয়া-কৰ্মচাৰীয়ে জীয়াধল নদীৰ অতি দুৰ্গম বৰ্মন গাঁওৰ অংশ পৰিদৰ্শন কৰে । আঁচনি ৰূপায়নৰ লগতে সমাগত বাৰিষাৰ পূৰ্বে বিজ্ঞানসন্মত পদ্ধতিৰে নদীখনৰ গতি পূৰ্বৰ সুঁতিলৈ নিবলৈ শীঘ্রে বিভগীয়ভাৱে যাৱতীয় ব্যৱস্থা কৰিবলৈ বিধায়ক পেগুৱে নিৰ্দেশ দিয়ে |

Exit mobile version