পলকতে চাওঁ আহক বলীউডৰ সৰু সৰু খবৰ ৷

12345

১.আজি বলীউডৰ অভিনেত্ৰী চানী লিয়নিৰ জন্মদিন ৷অভিনেত্ৰীগৰাকীলৈ জন্ম দিনৰ বহুত শুভেচ্ছা ৷

২.পিতৃ পংকজ কাপুৰৰ লগত “জসী”ছবিত একেলগে দেখা যাব শ্বাহিদ কাপুৰক ৷

৩.দুমাহৰ পিছত ঘৰৰ বাহিৰত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। মাস্ক পৰিধান কৰি প্ৰিয়ংকাই ছ’চিয়েল মিডিয়াত লিখিলে “চকুৱে কেতিয়াও মিছা কথা নকয় ৷”

৪.৬৩ বছৰীয়া অনিল কাপুৰৰ মন্তব্য শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিহে কৰ’নাক পৰাজয় কৰিব পাৰি ৷

 

৫.তলাবন্ধৰ কাৰণে বিশ্বত মুক্তি পোৱা নাই বহু সংখ্যক ছবি ৷৯৩ বছৰত প্ৰথমবাৰৰ কাৰণে ৪ মাহ পিছুৱাই গ’ল অস্কাৰ এ’ৱাৰ্ড ৷

৬.অনলাইন ডান্স ক্লাচত বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰোতেলাই উপাৰ্জন কৰিলে ৫ কোটি টকা ৷ এই বৃহৎ পৰিমাণৰ ধন শিশু আৰু কৰ’না ভাইৰাছৰ কাৰণে দান কৰিলে অভিনেত্ৰী উৰ্বশীয়ে ৷

৭.চলিত বৰ্ষত সম্পন্ন হ’ব দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰানা ডগ্গুৱতী আৰু মিহিকা বাজাজৰ বিবাহ ৷

Exit mobile version