সিংহৰ গর্জনে আদৰণি জনালে তিনি শিশুক

LINE

কোনো উৰুলিধ্বনি বা শংখধ্বনি নাই ।তাৰ পৰিৱৰ্তে আছে সিংহৰ গোজৰণি ।পশুৰাজে ভয়ানক গর্জনেৰেই পৃথিৱীলৈ স্বাগত জনালে তিনিটি শিশুক।গুজৰাটৰ গীৰ জংঘলৰ গভীৰত পশুৰাজৰ গোজৰণি শুনিয়ে এজেলগে তিনিটি সন্তান জন্ম দিলে এগৰাকী যুৱতী মাতৃয়ে ।যোৱা দেওবাৰৰ মাতৃদিৱসৰ দিনাই সৌভাগ্যশালী প্ৰসূতিগৰাকী একেলগে তিনি সন্তানৰ মাতৃ হয় ।গভীৰ জংঘলৰ মাজত অৱস্থিত গুজৰাটৰ আমৰেলি জিলাৰ দেদান গাওঁ।

দেওবাৰে কৰ’নাৰ আতংকৰ মাজতে সমগ্ৰ বিশ্বই যেতিয়া আন্তৰ্জাতিক মাতৃ দিৱস পালনত ব্যস্ত আছিল ;তেতিয়াই তিনি সন্তানক একেলগে পৃথিৱীৰ পোহৰ দেখুৱায় দয়া বাৰায়িয়া নামৰ প্ৰসূতিগৰাকীয়ে।ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান গোবিন্দ বাম্ভানিয়াই খবৰ লাভ কৰি এম্বুলেঞ্চ লৈ উক্ত গাঁৱত উপস্থিত হয় ।কিন্ত সেই সময়ত দয়াই প্ৰসৱ যন্ত্ৰণাত কাতৰ হৈ পৰিছিল।উপায়ন্তৰ হৈ বাম্ভানিয়াই ফোনতে চিকিৎসকৰ স’তে কথা পাতি জংঘলৰ ভিতৰতে প্ৰসূতিগৰাকীৰ সন্তান প্ৰসৱত সহায় কৰে ।

কিন্ত সেই সময়তে কিছু আচৰিত অভিজ্ঞতাও অর্জন কৰে স্বাস্থ্যকৰ্মীজনে।জংঘলৰ মাজৰ সেই গাঁৱৰ ওচৰে -পাজৰে দীৰ্ঘদিনৰ পৰাই আছে ১৮টা সিংহ।দয়াই যিমানবাৰ প্ৰসৱ যন্ত্ৰণাত চিৎকাৰ কৰি উঠিছিল ,সিমানবাৰেই একেবাৰে নিকটস্থানৰ পৰা গোজৰণি মাৰিছিল সিংহকেইটাই।যেন যান্ত্ৰণাত কাতৰ প্ৰসূতিগৰাকীক পশুৰাজে শান্ত্বনা দিয়াৰ চেষ্টা কৰিছিল।সেই সিংহনাদ শুনিয়ে পৃথিৱীত ভৰি দিয়ে দয়াৰ তিনি পুত্ৰ সন্তানে ।

Exit mobile version