জাৰ্মানীত বিনামূলীয়াকৈ বিতৰণ কৰিছে বীয়েৰ

53366527 303

কৰ’না ভাইৰাছৰ প্ৰকোপত পৰি বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰে ব্যৱসায় বাণিজ্যৰ অৱস্থা শোচনীয় হৈ পৰিছে। তলাবন্ধৰ বাবে ৰেস্তোৰাঁ হোটেল আদি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ আছে। ইয়াৰে কিছুমান বন্ধ হৈ পৰিছে । জাৰ্মানীও ইয়াৰ ব্যতিক্ৰম নহয় । অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে কৰ’নাৰ বাবে বিপদত পৰিছে জাৰ্মানীৰ বীয়েৰ উৎপাদনকাৰী কোম্পানীসমূহো । হেজাৰ হেজাৰ লিটাৰ বীয়েৰ নষ্ট হোৱাৰ উপক্ৰম হৈছে ।শেষত উপায় নেদেখি বিনামূলীয়াকৈ বীয়েৰ বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে এটা কোম্পানীয়ে ৷

বিভিন্ন কোম্পানীয়ে বিক্ৰীৰ অভাৱত বীয়েৰ পেলাই দিবলৈ বাধ্য হৈছে । বীয়েৰ পেলাই দিয়াৰ পৰিৱৰ্তে বিনামূলীয়া বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ভিলিংগাৰ ব্ৰাইহাউছ নামৰ জাৰ্মান বীয়েৰ উৎপাদনকাৰী কোম্পানীটোৱে । ইতিমধ্যে জাৰ্মানীৰ হেছে ৰাজ্যত এই কোম্পানীটোৱে দুহেজাৰ ছশ লিটাৰ বীয়েৰ বিতৰণ কৰিছে ৷ কোম্পানীটোৰ স্বত্তাধিকাৰ ফ্ৰাঞ্জ মাষ্টে সংবাদ মাধ্যমৰ আগত কয় “আমি জনগণক ধন্যবাদ জনাব বিচাৰো ৷ আমি আশা ৰাখিছো ৷ এতিয়া যিসকল আহিছে তেওঁলোকে যাতে পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতো এইদৰে আমাৰ স’তে থাকে ।

উল্লেখযোগ্য যে এই বীয়েৰসমুহ বিভিন্ন অঞ্চলৰ ৰেস্তোৰাঁ, বাৰ আৰু হোটেললৈ সৰবৰাহ কৰাৰ কথা আছিল । কিন্তু কৰ’না মহামাৰীৰ ধ্বংসলীলাৰ কাৰণে সকলোবোৰ বন্ধ হৈ পৰাত ভিলিংগাৰ ব্ৰাইহাউছ কোম্পানী বিপদত পৰে ৷ উল্লেখযোগ্য যে কোম্পানীটোৱে ব্যৱস্থা কৰা বিভিন্ন বিতৰণ কেন্দ্ৰৰ পৰা বিনামূলীয়া বীয়েৰ সংগ্ৰহৰ বাবে যথেষ্ট ভিৰ পৰিলক্ষিত হয় । প্ৰতিদিনে সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান আদি নানা নিৰ্দেশনা মানি চলি পুৱাৰ পৰাই অসংখ্য লোকে শাৰী পাতি থিয় দি বীয়েৰ সংগ্ৰহ কৰা দেখা গৈছে ৷

উল্লেখযোগ্য যে কৰ’না অতিমাৰীয়ে অন্যান্য ক্ষেত্ৰৰ লগতে জাৰ্মানীৰ বীয়েৰ উৎপাদনতো ব্যাপক প্ৰভাৱ পেলাইছে ৷ গ্ৰীষ্মকালত সমগ্ৰ জাৰ্মানীতে নানা ধৰণৰ বীয়েৰ উৎসৱৰ আয়োজন কৰা হয় । কিন্তু এইবাৰ বাভাৰিয়াৰ ৰাজ্যৰ বিখ্যাক অক্টোবৰ ফেষ্ট সহ আন সকলো বীয়েৰ উৎসৱ ইতিমধ্যে বাতিল কৰা হৈছে ৷ ইয়াৰ উপৰি চীন আৰু ইটালীলৈ বীয়েৰ ৰপ্তানি বন্ধ হৈ পৰিছে ৷ এই ক্ষেত্ৰত বৃহৎ খহনীয়া হোৱাৰ আশংকা ব্যক্ত কৰিছে জাৰ্মানীৰ বীয়েৰ উৎপাদকসকলৰ সংগঠন ডয়চে ব্ৰাউৱাৰ বুণ্ডেয়ে ।

Exit mobile version