তিনিজনীয়া এটা পৰিয়ালৰ তিনিওজনৰ ভিতৰত মূল ব্যক্তিজন বিশেষ সক্ষম লোক আৰু আন দুগৰাকী মানসিক ভাৰসাম্যহীন । এখন তিনিচকীয়া চাইকেলেই দুৰ্ভগীয়া পৰিয়ালটোৰ জীৱন-জীৱিকাৰ চকৰী । এটা কাঠৰ বাকচ, এখন কটাৰীয়েই জীৱিকাৰ প্ৰধান সম্বল দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোৰ পৰিয়ালটোৰ । এক কৰুণ জীৱন গাঁথা । কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ দৰিদ্ৰ পৰিয়াল আৰু বিশেষভাৱে সক্ষম লোকসকলক উপকৃত কৰাৰ অসংখ্য অভিলাষী আঁচনি আছে । কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে, জীৱনৰ আধাবেলা সময় অতিক্ৰম কৰা এই দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি আজিও কৃপাদৃষ্টি পৰা নাই চৰকাৰৰ । তেওঁলোকৰ মৰ্মবেদনা হৃদয়ঙ্গম কৰাৰ যেন অৱকাশ নাই নেতা-মন্ত্ৰী, বিষয়া-আমোলাৰ ।
গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ ধোদাংঘৰীয়া কছাৰী গাঁৱৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে এসাজ খাই, দুসাজ নাখায় দুখজনকভাৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । পৰিয়ালটোৰ মূল মানুহজনৰ নাম ৰঞ্জিত হাজৰিকা । বয়স প্ৰায় ৪৮ বছৰ। জন্মগতভাৱে দুয়োখন ভৰিয়েই আকামিলা ৰঞ্জিত হাজৰিকাৰ । ওপজা দিনাখনৰ পৰাই যেন দুৰ্ভাগ্যই লগ এৰা নাই তেওঁৰ । বায়েক লাৱন্য হাজৰিকা আৰু ভনীয়েক অনিতা হাজৰিকাসহ বাস কৰে এটা পঁজা ঘৰত । মানসিকভাৱে ভাৰসাম্যহীন বায়েক-ভনীয়েক দুগৰাকীও । ইপিনে আৰ্থিক দৈন্যতাৰ বাবে তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰাটোও সম্ভৱ হৈ উঠা নাই । শয্যাগতভাৱেই কটাই ভনীয়েক অনিতা হাজৰিকাই ।
পৰিয়ালটোৰ জীৱন যুঁজৰ চাবি-কাঠি, একমাত্ৰ ভৰষা দুয়োখন ভৰিয়েই অকামিলা ৰঞ্জিতৰ । ঘৰত যি যোগাৰ থাকে, অকামিলা ভৰিৰে চুচৰি-চুচৰি কাম-বন কৰি, ৰান্ধি-বাঢ়ি নিজে খুদকণ খাই আৰু মানসিক ভাৰসাম্যহীন বায়েক-ভনীয়েকক খোৱাই-বোৱাই পুৱাই স্বেচ্ছাসেৱী অনুষ্ঠান এটাই প্ৰদান কৰা তিনিচকীয়া চাইকেলখন লৈ ঘৰৰ পৰা প্ৰতিদিনেই কুৰালগুৰিলৈ ওলাই যায় ৰঞ্জিত । কোনোৱে ডাংকোলাকৈ চাইকেলখনত উঠাই দিলেহে যোৱাটো সম্ভৱ হয় ৰঞ্জিতৰ বাবে । উদ্দেশ্যে যি দুই-এটকা পাই তিনিজনীয়া দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে ভাত মুঠি যোগাৰ কৰা । কাঠৰ এটা বাকচ, কটাৰীখনেই জীৱন-জীৱিকাৰ সম্বল ৰূপে লৈ তামোল-পানৰ সৰু দোকান এখনেৰে কঠোৰ জীৱন-সংগ্ৰাম ৰঞ্জিত হাজৰিকাৰসহ তিনিজনীয়া পৰিয়ালটোৰ ।
দিনত তামোল-পান বিক্ৰি কৰি তিনিচকীয়া জীৱন-চকৰীখনেৰে ঘৰলৈ ঘূৰি গৈ দুগৰাকী মানসিক ভাৰসাম্যহীন ভগ্নীকো চুচৰি-চুচৰি ভাত বনাই খোৱাব লাগে দুয়োখন ভৰিয়েই অকামিলা ৰঞ্জিত হাজৰিকাই । এই দুৰ্ভগীয়া পৰিয়ালটোৰ কৰুণ জীৱন কাহিনী শুনিলে নিশ্চয় প্ৰতিজন হৃদয়ৱান লোকৰে অন্তৰ এবাৰলৈ হ’লেও কান্দি উঠিব । কিন্তু দুৰ্ভগীয়া এই পৰিয়ালটোৰ দীৰ্ঘদিনীয়া জীৱন সংগ্ৰাম দেখিও যেন অন্তৰখন কান্দি উঠা নাই চৰকাৰ, নেতা-মন্ত্ৰী-বিধায়ক নাইবা বিষয়া-আমোলাৰ ।
গভীৰ দুখ, হতাশা আৰু আক্ষেপেৰে ৰঞ্জিত হাজৰিকাই দৈনিক অগ্ৰদূতৰ আগত কৰুণ জীৱন কাহিনী বিৱৰি কয় এনেদৰে, “আমাৰ দৰে লোকসকল মৰি-মৰি জীয়াই আছোঁ । বিশেষভাৱে সক্ষম লোকসকলৰ বাবে প্ৰদান কৰা ৩০০ টকীয়া পেঞ্চন লাভ কৰিছোঁ যদিও এটা পৰিয়ালটো দূৰৈৰে কথা এজন ব্যক্তিও বাৰু মাহটো চলিব পাৰেনে ? বহু আবেদন-নিবেদন কৰিলোঁ, কিন্তু দুখীয়াৰ বাবে প্ৰদান কৰা এটা চৰকাৰী ঘৰো লাভ কৰিবলৈ সক্ষম নহ’লো । অনাময় আঁচনিৰ এটা শৌচাগাৰো নাপালোঁ বুলিও গভীৰ আক্ষেপ প্ৰকাশ কৰে । দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি চকু মেলি চাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে দুয়োখন ভৰি অকামিলা ৰঞ্জিত হাজৰিকাই ।