কৰ’নাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰা নাযাবঃ উদ্বেগ প্ৰকাশ বিশ্ব স্বাস্থ্য সংস্থাৰ

ETAKhEnXgAYnSMJ

ক’ভিড-১৯ৰ ভয়াৱহতাৰ পৰা আৰু যেন মুক্ত হ’ব নোৱাৰিব বিশ্ববাসী | মানৱ জীৱনত আন বহু ফ্লু ভাইৰাছৰ দৰেই এই ভাইৰাছো অপ্ৰতিৰোধ্য হৈ থাকিব | এনে শংকা ব্যক্ত কৰিলে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই | সংস্থাৰ মতে, ক’ভিড-১৯ৰ স’তে যুঁজি বাচি থকাই মানৱ জাতিৰ ভৱিষ্যৎ হ’ব | এই কৌশল এতিয়া সমগ্ৰ বিশ্ববাসীয়ে আয়ত্ত কৰিব লাগিব | বুধবাৰ পৰ্যন্ত বিশ্বজুৰি প্ৰায় ৪৩ লাখ মানুহ এই ৰোগত আক্ৰান্ত হৈছে আৰু প্ৰায় তিনি লাখৰ ইতিমধ্যে মৃত্যু হৈছে |

ইপিনে, কৰ’নাৰ প্ৰতিষেধক আৱিস্কাৰৰ ক্ষেত্ৰত বিশ্বজুৰি গৱেষণা অব্যাহত আছে | সমান্তৰালভাৱে দেশসমূহে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ শিকলি চিঙিবলৈ তলাবন্ধ অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণ সাফল্য লাভ কৰা নাই | যাৰ ফলত সকলো দেশেই নিষেধাজ্ঞা শিথিল কৰি স্বাভাৱিক জীৱনলৈ উভতি যোৱাৰ পথ গ্ৰহণ কৰিছে | এনে পৰিস্থিতিৰ মাজতে জেনেভাৰ এক সংবাদমেলত হুৰ বিশেষজ্ঞ মাইকেল ৰায়েনে কয়, “এই প্ৰথমবাৰ সম্পূৰ্ণ নতুন আৰু অচিনাকি এটি ভাইৰাছে মানুহৰ শৰীৰত বাহ লৈছে | সেয়েহে ইয়াৰ পৰা এতিয়াই যে ৰেহাই পাম তেনে নহয়,আমি কেতিয়া এই ভাইৰাছক পৰাস্ত কৰিব পাৰিম সেয়া অনুমান কৰা বৰ কঠিন হ’ব |”

তেওঁ দাবী কৰি কয় যে এই ভাইৰাছ আমাৰ স’তে সক্ৰিয় হৈ থাকিলে এটা সময়ত স্থানীয় ভাইৰাছত পৰিণত হ’ব | তেতিয়া তাৰ শক্তি ক্ষয় হ’ব যদিও ইয়াক শেষ কৰি পেলোৱা সম্ভৱ নহয় | যিদৰে এইছ আই ভিক শেষ কৰিব পৰা নগ’ল, তেনেকৈ কৰ’নাকো শেষ কৰিব পৰা নাযাব বুলি হুৱে ভাৱে | অৱশ্যে এইছ আই ভিৰ দৰে এই ভাইৰাছ প্ৰতিৰোধৰ পদ্ধতিও মানুহে উলিয়াব বুলি তেওঁ কয়|

Exit mobile version