১১৩ বছৰত কৰ’না-জয়ৰ অভিলেখ

28292692 0 image a 3 1589272699395

অতিমাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত সবাতোকৈ বিপদৰ আশংকা বয়োজ্যেষ্ঠ লোকৰ । বিশেষজ্ঞ বিজ্ঞানীসকলৰ এই দাবীৰ প্ৰমাণ পোৱা গৈছে কৰ’না ভাইৰাছত আক্ৰান্ত আৰু মৃতকৰ পৰিসংখ্যাত।তৎসত্বেও বিশ্বত একাধিক শতায়ু গৰকা বৃদ্ধ-বৃদ্ধাই এই ৰোগ জয় কৰিবলৈ সক্ষম হৈছে । এইবাৰ এই ৰোগ জয় কৰি অভিলেখ সৃষ্টি কৰিলে স্পেইনৰ এগৰাকী ১১৩ বছৰীয়া বৃদ্ধাই । মাৰিয়া ব্ৰানিয়াছ নামৰ বৃদ্ধাগৰাকী হৈছে এই পৰ্যন্ত ক’ভিদ-১৯ ৰোগৰ পৰা সুস্থ হৈ উঠা বিশ্বৰ সবাতোকৈ বয়সীয়া ব্যক্তি ।

বিশ্বৰ কৰ’না বিধ্বস্ত দেশসমূহৰ ভিতৰত অন্যতম হৈছে স্পেইন । দেশখনত এই পৰ্যন্ত ২৭হেজাৰৰ অধিক লোকৰ মৃত্যু হৈছে । অথচ এই মাৰাত্মক ৰোগেও নতিস্বীকাৰ কৰিলে দৃঢ়মনা মাৰিয়াৰ সন্মুখত । মাদ্রিদৰ স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, দেশখনৰ উত্তৰ-পূবৰ জিৰ’না প্ৰদেশৰ বাসিন্দা ১১৩বছৰীয়া মাৰিয়া ।কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত এমাহৰ চিকিৎসাৰ অন্তত সম্প্ৰতি সুস্থ হৈ উঠি মাৰিয়াই সকলোকে আচৰিত কৰি তুলিবলৈ সক্ষম হৈছে । তিনি সন্তানৰ মাতৃ মাৰিয়াৰ শৰীৰত যোৱা এপ্ৰিলত কৰ’নাৰ উপস্থিতি পোৱা যায় ।

উল্লেখ্য যে শতায়ু গৰকা বৃদ্ধা গৰাকীয়ে বিগত প্ৰায় ২০বছৰ ধৰি কাটালনিয়াৰ অ’ল্ড এজ নাৰ্ছিংহোমত আছিল । কৰ’নাত আক্ৰান্ত হোৱাৰ পাছৰে পৰা তেওঁক উক্ত বৃদ্ধাশ্ৰমতে আইছ’লেছনত ৰখা হৈছিল ।অৱশেষত যোৱা সোমবাৰে তেওঁক কৰ’নামুক্ত ঘোষণা কৰা হয় । মন কৰিবলগীয়া যে মাৰিয়া আইছ’লেছনত থকা কাষৰ দুটা কক্ষত চিকিৎসাৰত আন দুজনৰ মৃত্যু হৈছিল । সোমবাৰে পুনৰ পৰীক্ষা কৰাত তেওঁৰ ফলাফল ঋণাত্মক হোৱাত তেওঁক কৰ’নামুক্ত ঘোষণা কৰা হয় । এই পৰ্যন্ত কৰ’নাৰ পৰা সম্পূৰ্ণ সুস্থ হোৱা সবাতোকৈ বয়োজ্যেষ্ঠ লোকৰ আখ্যা লাভ কৰিছে বৃদ্ধাগৰাকীয়ে ।

Exit mobile version